এচিড, ক্ষাৰ আৰু লৱণ/ncert solutions for class 10 science chapter 2/Notes/2021

Rate this post
Attention Please!

ncert solutions for class 10 science chapter 2/notes/important questions/class 10 notes/pdf/pdf notes/explanation/chapter 2 notes pdf download

ei article tur joriyote এচিড, ক্ষাৰ আৰু লৱণ/ncert solutions for class 10 science chapter 2 notes/solutions question answers adi sabo paribo.

logote Class 10 other subject buror link buru pai jabo. textbook khonor pointburu note down kora hoise. 


এচিড, ক্ষাৰ আৰু লৱণ/ncert solutions for class 10 science chapter 2/Notes/2021
ncert solutions for class 10 science chapter 2




এচিড, ক্ষাৰ আৰু লৱণ/Chapter 2
[Acids, Bases and salts]



(অধ্যায়ৰ চমুআভাস)


আমি সধাৰণতে ব্যৱহাৰ কৰা দ্রব্যবােৰৰ বহু কেইবিধ এচিড অথবা ক্ষাৰ। এচিডবােৰ সাধাৰণতে সােৱাদত টেঙা আৰু ক্ষাৰবােৰ তিতা বা কেঁহা !
নেমুটেঙা বা অন্য সকলাে ধৰণৰ টেঙা জাতীয় খাদ্য, ভিনেগাৰ আদি এচিড জাতীয় দ্রব্য। আনহাতে খােৱা ছ’ডা, কাপােৰ ধােৱা ছ’ডা, তিতা কেৰেলা, আমলখি, বা অন্য কেহ বা তিতা ফল আদিত ক্ষাৰ থাকে।

এছিড বা ক্ষাৰক পৰীক্ষা কৰিবলৈ হ’লে লিটমাছ কাগজ ব্যৱহাৰ কৰিব পাৰি। লিটমাছ কাগজ সাধাৰণতে বেঙুনীয়া। ইয়াক এচিডত দিলে ৰঙা আৰু ক্ষাৰত দিলে নীলা বৰ্ণৰ হয়। এনেবােৰ বস্তুক সূচক বােলা হয়। হালধী এনে এবিধ প্রাকৃতিক সূচক।

মিথাইল অ’ৰেঞ্জ, ফেনথেলিন আন দুটা সাংশ্লেষিক (synthetic) সূচক।
কিছুমান অন্য দ্রব্য আছে যিবােৰৰ গােন্ধ এচিড বা ক্ষাৰত সলনি হয় এইবেক ৫াণ সূচক (olfactory indicator) বােলা হয়।
• এচিড আৰু ক্ষাৰ উভয়ে পৃথক পৃথকে ধাতুৰ লগত বিক্রিয়া কবি ধাতুর নই আৰু হাইড্রজেন গেছ উৎপন্ন কৰে। উদাহৰণ স্বৰূপে :-

(i) অশুদ্ধ জিংকৰ দানাৰ লগত পনীয়া ছালফিউৰিক এচিড়ে বিক্রিয়া কৰিলে জিংক কাকেট লৱণ আৰু হাইড্রজেন গেছৰ উৎপন্ন হয়। 

Zn + H2SO4 → ZnSO4 + H2


(ii) জিংকৰ লগত ছ’ডিয়াম হাইড্রক্সাইডৰ বিক্রিয়াৰ ফলত ছডিয়াম জিংকেট আৰু হাইড্রজেন গেছ উৎপন্ন হয়। 

Zn + 2NaOH → Na3ZnO2 + H2


• এচিড আৰু ক্ষাৰৰ মাজত পৰস্পৰ বিক্রিয়া ঘটিলে ধাতুৰ লৱণ আৰু পানী উৎপন্ন। হয়। ইয়াক প্রশমন বােলে।

NaOH + HCl → NaCl + H2O

• ধাতৰ অক্সাইডৰ লগত এচিডৰ বিক্রিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয়। উদাহৰণ : –

CuO + 2HCl → CuCl2 +H2O

• অধাতুৰ অক্সাইডৰ লগত ক্ষাৰকৰ বিক্রিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয়। উদাহৰণ স্বৰূপে :-

CO2 + 2NaOH → NaCO3 + H2O
                                                   (ছ’ডিয়াম কার্বনেট) 


•pH স্কেলৰ সহায়ত এচিড আৰু ক্ষাৰকৰ তীব্রতা নিৰুপণ কৰিব পৰা যায়। pHস্কেলৰ প্রশমন যৌগ পানীৰ মান 7′ বুজায়। অর্থাৎ পানীৰ PH হল 7।এই7 অতকৈ PH অৰ মান কম হলে যৌগটো এচিডিক (আম্লিক) গুণ সম্পন্ন বুজায় আৰু 7 অতকৈ কম হ’লে যৌগটো ক্ষাৰকীয় গুণ সম্পন্ন বুজায়। 

pH পেপাৰৰ সহায়তাে অম্ল আৰু ক্ষাৰ চিনাক্ত কৰিব পাৰি। এনে পেপাৰত বৰণৰ । সহায়ত তীব্রতা মােটামুটি ধাৰণা কৰিব পাৰি। দ্রব এটা এচিড হ’লে ৰঙা আৰু ক্ষাৰ হ’লে বেঙুনীয়া ৰঙৰ হয়। ৰঙৰ তীব্রতাও বেছি ক্ষাৰক বা আম্লিক হলে বাঢ়ি যায়।

• PH অৰ দৈনন্দিন জীৱনত ব্যৱহাৰ : আমাৰ দৈনন্দিন জীৱন ধাৰণতাে PH ব্যৱহাৰ কৰা হয়। মাটিৰ আম্লিকতা বা ক্ষাৰকীয়তা পৰীক্ষাৰ বাবেও pH ব্যৱহাৰ কৰিব পাৰি। এচিড বৰষুণ হ’লে ইয়াৰ পানীৰ pH মান 5.6 বা তাতকৈ কম হয়। খাদ্য হজম প্রক্রিয়াতাে অম্ল আৰু ক্ষাৰৰ ব্যৱহাৰ হয়। পাকস্থলীত বেছি এচিড (HCl) নিঃসৰণ হ’লে আমি অম্ল পিত্ত (গেষ্টিক) হােৱা বুলি কওঁ। এনে হলে ক্ষাৰ জাতীয় ঔষধ বা খাদ্য খাই ইয়াক প্রশমন কৰিব পাৰি। এই ধৰণৰ ঔষধক বজাৰত এন্টাচিড বােলা হয়।

আমাৰ মুখৰ ভিতৰত থকা ৰসৰ pH 5.4 অতকৈ কম হলে বেছি এচিডিক হৈ পৰে। ‘তায়া আমাৰ দত্ত ক্ষয় হ’বলৈ ধৰে। কাৰণ দাঁতৰ এনামেলত কেলছিয়াম ফছফেট থাকে আৰু ই এচিডৰ লগত বিক্রিয়া কৰে। টুথপেষ্ট ক্ষাৰকীয় গুণ সম্পন্ন বাবে দাঁতৰ অতিৰিক্ত এচিডক ই প্রশমিত কৰে। মৌমাখিয়ে কামুৰিলে ইয়াৰ শুংড়ালে মিথাগয়িক এঢ়িড ছালত সুমুৱাই দিয়ে। সেইবাবে । সদি খােৱা ছডা সেই ঠাইত ঘঁহি দিয়া হয়, তেতিয়া বিষ কিছুপৰিমাণে উপশম হয়।

• লৱণ আৰু ইয়াৰ পৰা উৎপাদিত ৰাসায়নিক দ্রব্য ঃ আমি নিমখ নহ’লে বঙ্গ, জুতিয়ে নাপাওঁ। আমি খােৱা নিমখবিধ হ’ল ছ’ডিয়াম ক্ল’ৰাইড (NaCl)। অকল জীভ জুতিৰ বাবে নহয়, নিমখ আমাৰ শৰীৰৰ বিপাক ক্রিয়াৰ বাবেও প্রয়ােজনীয়। ইয়াক সাধা নিমখ (common salt বা rock salt) বােলা হয়। 

সাগৰৰ পানীৰ পৰা ইয়াক আহৰণ কৰা হয়। সাধাৰণ নিমখ বহুতাে ৰাসায়নিক দ্রব্যৰে উৎপন্ন কৰা হয়। ছডিয়াম হাইড্রক্সাইড, বেকিং ছডা, ছিং ছডা, ব্লিছিং পাউদাৰ আদি সাধাৰণ নিমখর পৰা উৎপন্ন কৰা কিছুমান দৈনন্দিন কামত ব্যৱহৃত ৰাসায়নিক দ্রব্য।




NCERT পাঠ্যক্ৰমৰ প্রশ্নোত্তৰ

প্রশ্ন 1. তােমাক তিনিটা পৰীক্ষা নলী দিয়া হৈছে। ইয়াৰে এটাত ডিষ্টিল ৱাটাৰ (পাতিত পানী), এটাত এচিডৰ দ্ৰৱ আৰু আনটোত ক্ষাৰকৰ দ্ৰৱ আছে। যদি তােমাক কেৱল ৰঙা লিটমাছ কাগজ এখন দিয়া হয়, তেতিয়া প্ৰতিটো পৰীক্ষানলীৰ দ্ৰৱ কিদৰে চিনাক্ত কৰিবা? [HSLC.’19]
উত্তৰঃ ১। ৰঙা লিটমাছ পেপাৰখন তিনিটাৰ যিকোনাে এটা পৰীক্ষা নলত ডুবাই দিলে যদি লিটমাছ কাগজৰ বৰণ একে থাকে, তেন্তে সেইটো দ্রর পাতিত পানী বা এচিড হ’ব। যদি লিটমাছৰ ৰং নীলা হয়, তেন্তে সেই দ্ৰৱটো ক্ষাৰ হ’ব। এতিয়া সেই একেখন কাগজকে (নীলা) যদি প্রথম দুটাৰ যিকোনাে এটাত দিলে তাৰ বৰণ একে থাকে তেন্তে সেই পৰীক্ষ নলত থকা দ্ৰৱটো পাতিত পানীৰ হ’ব। বাকীটো এচিড হ’ব। যদি নীলা লিটমাছখনৰ ৰং সলনি হৈ ৰঙাৰ ফালে যায় তেন্তে সেইটো দুর এচিড হ’ব আৰু আনটো পাতিত পানী হ’ব। 

২। যদি ৰঙা লিটমাছ কাগজখনৰ ৰং যিকোনাে এটাত দিলে নীলা হৈ যায়, তেন্তে সেই দ্ৰৱটো ক্ষাৰ হ’ব৷ এতিয়া সেই নীলা কাগজখন বাকী দুটাৰ এটাত দিলে যদি বঙৰ পৰিবৰ্তন নহয়, তেন্তে সেইটো দ্ৰৱ পাতিত পানী হ’ব। বাকী দ্ৰৱটো এচিড হ’ব।

প্রশ্ন 2. দৈ গাখীৰ আৰু টেঙা খাদ্য দ্রব্য পিতল আৰু তামৰ পাত্ৰত ৰাখিব নালাগে কিয়?
উত্তৰঃ দৈ গাখীৰত লেকটিক এচিড থাকে আৰু টেঙা দ্রব্যতাে এচিড থাকে চাইট্রিক, টর্টাৰিকআদি জৈৱিক এচিডৰা অজৈৱিক এচিডা হ’ব পাৰে।এছেটিক, অক্সালিক, হাইড্রক্লৰিক ইত্যাদি।

সকলােবোেৰ এচিডে ধাতুৰ লগত বিক্রিয়া কৰি ধাতুৰ লৱণ আৰু পানী উৎপন্ন কৰে। তামৰ পাত্ৰৰ তাম আৰু পিতলৰ পাত্ৰৰ উপাদানবােৰৰ লগত এইবােৰ দুৱৰ বিক্রিয়া ঘটে। ফলত ইয়াৰ সােৱাদ বেয়া হয়। গতিকে এনে পাত্রত দৈ বা টেঙা দ্রব্য ৰাখিব নালাগে।

প্রশ্ন 3. যেতিয়া এবিধ এচিডে খাতুৰ লগত বিক্রিয়া কৰে, তেতিয়া কি গেছ নিগঞ্জ হয় ? এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। গেছটোৰ উপস্থিতি কিদৰে ধৰা পেলাবা? [HSC.’19|
উত্তৰ : এচিডে ধাতুৰ লগত বিক্রিয়া কৰিলে হাইড্রজেন গেছ উৎপন্ন কৰে। উদাহৰণস্বৰূপে জিংকৰ লগত লঘু ছালফিউৰিক এছিডৰ বিক্রিয়া ঘটিলে জিংক ছালফেট মরণ আৰু হাইড্রজেন গেছ উৎপন্ন হয়। ৰাসায়নিক বিক্রিয়াৰ সমীকৰণটো হ’ল।

Zn(s) + H2SO (aq) → ZnSO4 (aq) + H2(g)

যদি এডাল জ্বলি থকা কাঠি উৎপন্ন হােৱা গেছটোৰ ওচৰলৈ নিয়া হয়, তেতিয়া গেছটো জলি উঠিব। হাইড্রজেন গেছ নিজে দাহ্য। গতিকে উৎপন্ন হােৱা গেছটো হাইড্রজেন হ’ব।

প্রশ্ন 4. এটা ধাতুৰ যৌগ ‘A’ পনীয়া হাইড্রক্লৰিক এছিডৰ লগত বিক্রিয়া কৰি সতবৰণিৰ সৃষ্টি কৰে। এইদৰে ওলােৱা গেছটোৱে জ্বলি থকা মমবাতি এডাল নুমাই (পলায়। যদি এই বিক্রিয়াত উৎপন্ন হােৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হয় তেন্তে বিক্রিয়াটোৰ সমতুলিত ৰাসায়নিক সমীকৰণটো লিখা। [HSLC.’19]
উত্তৰ : ধাতুৰ যৌগটো হ’ব, কেলছিয়াম কার্বনেট। কেলছিয়াম কার্বনেটৰ লগত পনীয়া হাইড্রক্লৰিক এচিডৰ বিক্রিয়াৰ ফলত কেলছিয়াম ক্ল’ৰাইড আৰু কার্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এই উৎপন্ন হােৱা কার্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে বাবে এই গেছ জ্বলি থকা মমবাতিৰ শিখাৰ মাজেৰে গ’লে মমবাতিৰ শিখা নুমাই যায়। ৰাসায়নিক বিক্রিয়াৰ সামতুলিত সমীকৰণটো হ’ল—

CaCO2 + dil2HCl → CaCl2 + CO2 + H2O


প্রশ্ন 5. HCl, HNO3 ইত্যাদিবােৰে জলীয় দ্রৱত আম্লিক ধর্ম দেখুৱায়, কিন্তু। এলকহল আৰু থুক’জৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায় কিয়?
উত্তৰঃ HCl, HNO3 ইত্যাদিবােৰে পানীৰ লগত বিক্রিয়া কৰি হাড্র’নিয়াম H3O বা H’ আয়ন প্রস্তুত কৱে।H3O বা H+ আয়ন থাকিলে জলীয় দ্রৱ আম্লিক ধর্মী হয়। কিন্তু গ্রুক’জ বা এলকহলৰ জলীয় দ্রৱই H3O বা H+ আয়ন প্রস্তুত নকৰে। গতিকে ইহঁতে আম্লিক ধর্ম নেদেখুৱায়। 

প্রশ্ন 6, এচিডৰ জলীয় দ্রৱই কিয় বিদ্যুত চালিত কৰে?
উত্তৰ : এচিড পানীৰ লগত মিহলি কৰিলে ই H3O বা H আয়ন প্রস্তুত কৰে। এই আয়নবােৰে বিদ্যুৎ চালিত কৰে। কাৰণ আয়নৰবাৰে-দুৱৰ মাজেৰে গৈ ঋণদ্বাৰত আধান মুক্ত কৰি উদাসীন হয়।

প্রশ্ন 7. শুকান লিটমাছ পেপাৰৰ ৰং শুষ্ক HCl গেছে সলনি নকৰে কিয়? 
উত্তৰঃ শুষ্ক HCL গেছে H’ আয়ন প্রস্তুত নকৰে। কিন্তু জলীয় দুৱত H’ বা HO3 প্রস্তুত কবে। এই আয়নে লিটমাছৰ ৰং সলনি কৰে। কিন্তু শুকান লিটমাছ আর শুকান  HCL গেছত কোনাে আয়ন উৎপন্ন নহয়। গতিকে তাৰ ৰঙা সলনি নহয়।

প্রশ্ন ৪. গাঢ় এচিড পনীয়া কৰিলে এচিডত পানী নাটলে পানীতহৈ এচিড ঢালি, লাগে কিয়? [MQ-2015]
উত্তৰ : গাঢ় এচিড পনীয়া কৰিলে পানীৰ ওপৰত এচিড লাহে লাহে বাকি দি তক অবিৰামভাৱে লৰাই থাকিব লাগে। কিন্তু যদি এচিডত পানী ঢালি তাক পনীয়া কৰিবলৈ থােৱা হয়, তেতিয়া পানী এচিডত পুৰাৰ লগে লগে যথেষ্ট তাপৰ উদ্ভৱ হয়। ফলত পানীৰ বাপীভবন ঘটে আর বিস্ফোৰণৰ সৃষ্টি হয়। পাত্র ফাটি গৈ বিপদ ঘটাব পাৰে। গতিকে গাঢ় এচিডত পানী ঢালি পনীয়া কৰিব নালাগে।

প্রশ্ন 9. যেতিয়া এচিডৰ দ্ৰৱ এটাক পনীয়া কৰা হয়, তেতিয়া H3O+ আয়ন কিদৰে প্রভাৱিত হয়?
উত্তৰ : যেতিয়া এচিডৰ দ্ৰৱ এটাক পনীয়া কৰা হয়, তেতিয়া এচিডটোৰ প্ৰতি একক আয়তনত থকা H3O+ আয়নৰ গাঢ়তা কমি যায়। অর্থাৎ এচিডটো আৰু বেছি লঘু হৈ পৰে।

প্রশ্ন 10. এটা ছ’ডিয়াম হাইড্রক্সাইডৰ দ্ৰৱত আৰু অধিক ক্ষাৰ দ্রবীভূত কৰিলে হাইড্রক্সাইড আয়ন (OH) ৰ গাঢ়তাৰ কি ধৰণৰ সলনি হয়?
উত্তৰঃ ছডিয়াম হাইড্রক্সাইডৰ দ্ৰৱত অধিক ক্ষাৰ দ্রবীভূত কৰিলে দুটোৰ গঢ়তা বাড়ে। 
প্রশ্ন 11. তােমাক, A আৰু B দুটা দ্ৰৱ দিয়া হৈছে। A ৰ PH 6 আৰু B ৰ  PH  8 কোনটো দ্ৰৱৰবেছি হাইড্রজেন আয়ন গাঢ়তা বেছি ? কোনটো ক্ষাৰকীয় আৰু কোনটো আম্লিক? [HSLC-2015] 
উত্তৰঃ যিটো দুৱৰ PH 6 সেইটো দ্রর আম্লিক ধর্মী। অর্থাৎ A দ্ৰৱটো আম্লিক। B দ্ৰবৰ PH  8। অর্থাৎ পানীতকৈ বেছি। গতিকে দ্ৰৱটো ক্ষাৰকীয়। A দ্ৰৱটো অম্লিক বাবে ইয়াৰ H’ গাঢ়তা বেছি। 

প্রশ্ন 12. দ্ৰৱ এটা প্রকৃতিৰ ওপৰত H’আয়নৰ গাঢ়তাৰ কি প্রভাব থাকে ?
উত্তৰঃ দ্ৰৱ এটাৰ H’ আয়ন গাঢ়তা বৃদ্ধি হলে দ্রবটোৰ আম্লিক ও বুদ্ধি পায়।

প্রশ্ন 13. ক্ষাৰীয় দ্রৱৰ H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে এইবােৰ জন্য | কিয় ক্ষাৰীয় হয়?
উত্তৰঃ ক্ষাৰীয় দ্ৰৱৰাে H+(aq) আয়ন থাকিব পাৰে। কিন্তু এই আনৰ প্রতি এক আয়তনৰ পৰিমাণ তাত থকা OH আয়নৰ পৰিমাণতকৈ বহুত কম থাকে। সেই এনে দ্ৰৱ H+ আয়ন থকা সত্ত্বেও ক্ষাৰীয় ধৰ্মৰ হয়।

প্রশ্ন 14. এজন খেতিয়কে তাৰ খেতি মাটিত কি অৱস্থাত পৰি মাটি ডৰাত পােৰ। চূণ (কেলছিয়াম অক্সাইড) বা খােৱা চূণ বা শিথিল চূণ (কেলছিয়াম হাইড্র ‘ব্লাইউ) । চক (কেলছিয়াম কার্বনেট) প্রয়ােগ কৰিব লগা হয় ?
উত্তৰ : খেতিয়কৰ মাটি ডৰাৰ যদি অম্লতা বাঢ়ি যায়, তেতিয়া থেকে লাশ তাত পােৰা চুণ (কেলছিয়াম অক্সাইড) বা শিথিল চুণ (কেলছিয়াম হাইড’ক্সাইড) বা ” (কেলছিয়াম কার্বনেট) দিব লগা হয়। কাৰণ এই তিনিওবিধ যৌগই হ’ল ক্ষাধর্মী। ক্ষাৰে মাটি ডৰাৰ অম্লতা কমাই তাক উদাসীন কৰে। গতিকে খেতিৰ অনিষ্ট নহয়। 

প্রশ্ন 15. CaOCl2-যৌগটোৰ সাধাৰণ নাম কি ?[HSLC.’18]
উত্তৰ : CaOCl2 যোগৰ সাধাৰণ নাম ব্লিচিং পাউদাৰ। 

প্রশ্ন 16. ক্ল’ৰিণৰ লগত যি যৌগৰ বিক্রিয়াৰ ফলত ব্লিচিং পাউদাৰ উৎপন্ন হয়, সেই যৌগটোৰ নাম কি?
উত্তৰঃ যৌগটোৰ নাম কেলছিয়াম হাইড্রক্সাইড -Ca(OH)2। ইয়াৰ মাজেৰে কুৰিণ গেছ যাবলৈ দিলে ব্লিচিং পাউদাৰ উৎপন্ন হয়। 

প্রশ্ন 17. কঠিন পানীক, কোমল কৰিবলৈ ব্যৱহাৰ কৰা ছডিয়ামৰ যৌগটোৰ নাম [HSLC-2016]
উত্তৰঃ কঠিন পানীক কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা ছডিয়ামৰ যৌগটো হ’লছ’ডিয়াম কার্বনেট বা রাছিং ছড়া।

(Na2C3. 10H2O)





প্রশ্ন 18. ছ’ডিয়াম হাইড্ৰ’কার্বনেট গৰম কৰিলে কি ঘটিব? বিক্রিয়াত ঘটা ৰাসায়নিক সমীকৰণটো লিখা।[HSLC-2016]
উত্তৰঃ ছডিয়াম হাইড্ৰ’কার্বনেট উত্তপ্ত কৰিলে ছডিয়াম কার্বনেট, পানী আৰু কার্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। ৰাসায়নিক সমীকৰণটো হলঃ

2NaHCO3 →Heat→ Na2CO3 + CO2


প্রশ্ন 19. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্রিয়া দেখুৱাবলৈ ৰাসায়নিক সমীকৰণটো লিখা।[HSLC-2017]
উত্তৰ : প্লাষ্টাৰ অৱ পেৰিছ (CaSO4.½H2O) আৰু পানীৰ মাজৰ বিক্রিয়া ঘটিলে জিচাম উৎপন্ন হয়।

CaSO2H2O + l½H2O → CaSO4 2H2O
(প্লাষ্টাৰ অৱ পেৰিছ)                                           (জিচাম)

প্রশ্ন 20. তলত দিয়া বিক্রিয়াবােৰৰ প্রথমে আক্ষৰিক সমীকৰণ লিখা আৰু তাৰ পাছত সমতুলিত ৰাসায়নিক সমীকৰণ লিখা।
(a) পনীয়া ছালফিউৰিক এচিডে জিংকৰ সৰু টুকুৰাৰ লগত বিক্রিয়া কৰিলে। 
(b) পনীয়া হাইড্রক্লৰিক এচিডে মেগনেছিয়ামৰ ফিতাৰ লগত বিক্রিয়া কৰিলে।
(c) পনীয়া ছালফিউৰিক এচিডে এলুমিনিয়াম পাউদাৰৰ লগত বিক্রিয়া কৰিলে। 
(d) পনীয়া হাইড্ৰ’ক্লৰিক এচিডে আইৰণৰ (লােৰ) গুড়িৰ লগত বিক্রিয়া কৰিলে।
উত্তৰ : (a) পাঁয়া ছালফিউৰিক এচিডে তিৰ সৰু ৰাৰ লগত বিক্রিয়াৰ ফলত জিংক ছালফেট আৰু হাইড্ৰ’জেন গেছ উৎপন্ন হয়। জিংকৰ সৰু টুকুৰা + পনীয়া ছালফিউৰিক এচিড → জিংক ছালফেট  + হাইড্রজেন

Zn(s) + H2SO4(aq) → ZnSO4(aq) + H2(g)


(b) মেগনেছিয়ামৰ ফিতাৰ লগত পনীয়া হাইড’ক্লৰিক এচিডৰ ৰিত্ৰিাৰ ৩ মেগনেছিয়াম ক্ল’ৰাইড আৰু হাইড্রজেন গেছ উৎপন্ন হয়। মেনেছিয়ামৰ ফিতা + পনীয়া হাইড্রক্লৰিক এচিড → মেগনেছিয়াম ক্ল’ৰাইড – হাইড্রজেনগেছ 

Mg(s) + 2HCl(aq) → MgCl2(aq) + H2(g)

(c) পনীয়া ছালফিউৰিক এচিডে এলুমিনিয়ামৰ গুডিৰ লগত বিক্রি করিলে এলুমিনিয়াম ছালফেট আৰু হাইড্রজেন গেছ উৎপন্ন হয়। এলুমিনিয়ামৰ গুড়ি+পনীয়া ছালফিউৰিক এচিড → এলুমিনিয়াম ছালফেট – হাইড্রজে 

2Al(s) + 3H2SO4(aq) → Al2(SO4)3(aq) + 3H2(g)


(d) পনীয়া হাইড্রক্ৰ ৰিক এচিডে লােৰ গুডিৰ লগত বিক্রিয়া কৰি ফেৰিক ক্ল’ৰাইড আৰু হাইড্রজেন গেছ উৎপন্ন হয়। লােৰ গুড়ি + পনীয়া হাইড্রক্লৰিক এচিড → ফেৰিক ক্ল’ৰাইড + হাইড্রজেন গেছ

2Fe(s) + 6HCl(aq) → 2FeCl3(aq) + 3H2(g)

প্রশ্ন 21. এলকহল আৰু গ্রুক’জ যৌগ দুটাটো হাইড্ৰ’জেন মৌলটো আছে। কিন্তু ইহঁতক এচিডৰ শ্ৰেণীত ধৰা নহয়। এটা কার্য (activity)ৰ সহায়ত বর্ণনা কৰা।
উত্তৰ : তলৰ কার্য বা পৰীক্ষাৰ সহায়ত এলকহল আৰু থুকড যৌণ দুটা যে এচিডৰ শ্রেণীত নপৰে তাক পৰীক্ষা কৰিব পাৰি। এটা কৰ্কৰ ঠিলাত দুটা গজাল বিন্ধাই লৈ তাক এটা বিকাৰৰ তলিত চিত্ৰত দিয়াৰ দৰে ৰখা হ’ল। গজাল দুটাৰ দুটা মূৰত তাৰ সংযােগ কৰি তৰত এটা 6 ভল্ট বেটাৰি তাঠি দিয়া হ’ল।

প্রথমতে বিকাৰত পনীয়া ছালফিউৰিক এচিড বাকি দিয়া হ’ল। এচিড দিয়াৰ লগে। লগে বাটো জ্বলি উঠা দেখা যাব।
তাৰ পাছত এচিডখিনি পেলাই এবাৰ এলকহল আৰু এবাৰ গ্লুক ‘জৰ দ্ৰর পৃথকে পৃথকে বিকাৰত বাকি দিয়া হ’ল। এই দুয়ােবাৰতে বান্ধটো জ্বলি উঠা দেখানাযাব।

প্রথমবাৰ এচিড দিয়া বাবে ইয়াত থকা হাইড্রজেন আৰু লােৰ গজালৰ মাজত বিক্রিয়া ঘটি হাইড্রজেন আয়ন (H)
লঘু ( 1 ) উৎপন্ন হৈছে। এই আয়নে দ্ৰবৰ মাজেৰে বিদ্যুৎ চালিত কৰি নিছে। চৰ দুবাৰত এলকহল আৰু গ্লুক’জৰ দ্ৰৱই লােৰ গজালৰ লগত বিক্রিয়া কৰা নাই এই দুবাৰত দ্ৰৱৰ মাজেৰে বিদ্যুৎ চালিত কৰিব পৰা নাই। ফলত বাটো জ্বলা আৰু H এই দুবাৰত দেখা নগ’ল। যৌগ দুটাৰ এচিডৰ দৰে গুণ নাই। জিভাত দি চালে ইয়াৰ এচিডৰ দৰে টেঙা সােরাদো এতিকে ইয়াত হাইড্রজেন মৌল থকা সত্ত্বেও এচিডৰ শ্ৰেণীত ধৰা হােৱা নাই।। 
22. পাতিত পানীয়ে বিদ্যুৎ পৰিবহন নকৰে অথচ বৰষুণৰ পানী কৰে কিয় ?
উত্তৰঃ পাতিত পানী বিশুদ্ধ। ইয়াত কোনাে অম্ল বা ক্ষাৰ দ্ৰৱীভূত হৈ নাথাকে। নকে ইয়াৰ মাজেৰে বিদ্যুৎ পৰিবহন কৰিবলৈ কোনাে আয়নৰ সৃষ্টি নহয়। কিন্তু বৰষুণৰ সরীয় বায়ুমণ্ডলত থকা কার্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদিৰ দৰে গেছ দরীভূত কৰি আম্লিক হৈ পৰে। গতিকে বিদ্যুৎ সংযােগ কৰিলে এই পানীত থকা অশ্লৰ আয়ন মুক্ত হৈ তাৰ মাজেৰে বিদ্যুৎ চালিত হয়। 

প্রশ্ন 23. এচিডে পানীৰ অনুপস্থিতিত এচিডৰ আচৰণ নেদেখুৱায় কিয়? 
উত্তৰ : এচিডে পানীৰ অনুপস্থিতিত হাইড্রজেন আয়ন (H+) উৎপন্ন কৰিব নােৱাৰে। গতিকে ই এচিডৰ আচৰণ কৰিব নােৱাৰে।

প্রশ্ন 24. A, B, C, D আৰু E এই পাঁচটা দ্ৰৱক যেতিয়া ইউনিভাৰচেল সূচকেৰে পৰীক্ষা কৰা হ’ল, তেতিয়া ইহঁতে যথাক্রমে 4, 1, 11, 7 আৰু 9 PH মান দেখুৱালে। কোনটো দ্ৰৱ তলত দিয়াবােৰৰ কোনটো হ’ব?
(a) প্রশম ‘ (b) তীব্র ক্ষাৰকীয় (c) তীব্র আম্লিক (d) দুর্বল আম্লিক (e) দুর্বল ক্ষাৰকীয়। হাইড্রজেন আয়নৰ গাঢ়তাৰ ঊর্ধ্বক্রমত PH মানবােৰ সজোৱা। 
উত্তৰ : (a) D দ্ৰৱটো প্রশম। (b) C দ্ৰৱটো তীব্র ক্ষাৰকীয় | (c) B দ্ৰৱটো তীব্র আম্লিক (d) A দ্ৰৱটো দুর্বল আম্লিক . (e) E দ্ৰৱটো দুর্বল ক্ষাৰকীয়।হাইড্রজেন আয়নৰ গাঢ়তাৰ বৃদ্ধিৰ ক্ৰমত PI। মানবােৰ সজালে তলত দিয়াৰ দৰে হ’ব। 11 <9 <7< 4 <1 .

প্রশ্ন 25. A আৰু B টেষ্টটিউব দুটাত সমান জোখৰ দুডাল মেগনেছিয়ামৰ ফিতা ৰখা হৈছে। একে গাঢ়তাৰ HCI আৰু CH3COOH (এছেটিক এচিডঃ সমান পৰিমাণে ক্রমে টেষ্ট টিউব A আৰু টেষ্টটিউব B-ত ঢালি দিয়া হ’ল। কোনটো টিউবত প্রচণ্ডভাৱে বুৰবুৰণিৰ সৃষ্টি হ’ব আৰু কিয়? 
উত্তৰঃ টেষ্টটিউব A ত যথেষ্ট বৰবুৰণিৰ সৃষ্টি হ’ব। কাৰণ HCl হ’ল তীব্র এচিড আৰু CH3COOH হ’ল দুর্বল এচিড। তীব্র এচিডত H’ আয়নৰ পৰিমাণ বহুত বেছি। গতিকে মেগনেছিয়ামৰ লগত ই CH3COOH অতকৈ বেছি বেগেৰে বিক্রিয়া কৰিব আৰু বেছি। পাৰমাণৰ হাইড্রজেন গেছৰাে সৃষ্টি হ’ব।

প্রশ্ন 26. বিশুদ্ধ গাখীৰৰ PH মান 6। যেতিয়া এই গাখীৰ দৈত পৰিণত হয়, তেতিয়া ইয়াৰ Pঅৰ মান কিদৰে সলনি হ’ব ব্যাখ্যা কৰা।
উত্তৰ : বিশুদ্ধ গাখীৰৰ PH মান 6। অর্থাৎ মৃদুভাৱে আম্লিক গুণ সম্পন্ন। কিন্তু যেতিয়া এই গাখীৰ দৈত পৰিণত হয়, তেতিয়া ই এছিডত পৰিণত হয়। গাখীৰত লেকট’বেছিলাছ নামৰ বেক্টেৰিয়াৰ জন্ম হৈ সেই গাখীৰখিনিত জৈৱ ৰাসায়নিক ক্রিয়া ঘটি এচিডত পৰিণত হয়। গতিকে ইয়াৰ PH মান 6 তকৈ তললৈ নামে অর্থাৎ 6 তকৈ কম হয়।

প্রশ্ন 27. জলীয়বাষ্প নিৰুদ্ধ পাত্ৰত প্লাষ্টাৰ অব পেৰিছৰাখিব লাগে কিয়? ব্যাখ্যা কৰা। 
উত্তৰঃ প্লাষ্টাৰ অব পেৰিছত জলীয় বাষ্প লাগিলে ই বিক্রিয়া কৰি জিপছাম উৎপন্ন কৰে। গতিকে জলীয় বাষ্প নিৰুদ্ধ পাত্ৰত ইয়াক ৰাখিব লাগে। 

প্রশ্ন 28, প্রশমণ বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। [HSLC.’19] 
উত্তৰ : যেতিয়া এচিড আৰু ক্ষাৰৰ মাজত বিক্রিয়া ঘটে, তেতিয়া লৱণ আৰু পানীৰ সৃষ্টি হয়। অর্থাৎ দুয়ােটাই নিজৰ ধৰ্ম হেৰুৱায়। এনে বিক্রিয়াকে প্রশমণ বিক্রিয়া বােলে। 
উদাহৰণ 1 :- NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l) জলীয় ছডিয়াম হাইড্রক্সাইডৰ লগত পনীয়া হাইড্ৰ’ক্লৰিক এছিডৰ বিক্রিয়া ঘটিলে ছ’ডিয়াম ক্ল’ৰাইড আৰু পানী উৎপন্ন হয়।

উদাহৰণ 2 : 2KOH(aq) + H2SO4(aq) → K2SO4 (aq) + 2H2O(/) পটাছিয়াম হাইড্রক্সাইডৰ লগত পনীয়া ছালফিউৰিক এচিড ব্যৱহাৰ কৰিলে পটাছিয়াম ছালফেট আৰু পানী উৎপন্ন হয়। 

প্রশ্ন 29. ৱাছিং ছড়া (কাপােৰ ধােৱা ছ’ডা) আৰু বেকিং ছড়া (খােৱা ছ’ডা)ৰ দুটা লাগতিয়াল ব্যৱহাৰ লিখা।
উত্তৰঃৱাছিং ছ’ডাক কাপােৰ ধােৱা কামত ব্যৱহাৰ কৰা হয়। বেকিং ছডা পাউরুটি বা ৰুটি বনােৱা কামত ৰুটি কোমল কৰিবলৈ বা ফুলাই তুলিবলৈ ব্যৱহাৰ কৰা হয়।।


অতিৰিক্ত প্রশ্নোত্তৰ

(অতি চমু প্রশ্নোত্তৰ)


1.বিকল্প প্রশ্নোত্তৰ 
তলত প্ৰতিটো প্রশ্নৰে চাৰিটাকৈ উত্তৰ দিয়া আছে। তাৰ পৰা শুদ্ধ বিকল্পটো বাছি। উলিওৱা।

প্রশ্ন 1. বেছিকৈ খানা খােৱাৰ পাছত অম্লতা সমস্যাত ভুগিলে প্রতিকাৰ হিচাবে তলৰ কোনটো গ্ৰহণ কৰা ভাল?
(a) নেমুৰ ৰস 
(b) ভিনেগাৰ 
(c) বেকিং ছডা 
(d) গ্রুক’জ পানী 
উত্তৰঃ (c)

প্রশ্ন 2. এটা দ্ৰবই ৰঙা লিটমাছনীলা কৰে, ইয়াৰ PH মান হ’ব পাৰে=[HSLC.’18] 
(a) 1
(b) 4 
(c) 5 
(d) 10. 
উত্তৰ : (d) 10 

প্রশ্ন 3 : অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ? [HSLC.’17] 
(a) এন্টিবায়টিক 
(b) বেদনানাশক 
(c) অম্লনাশক 
(d) জীজাণুবাৰক 
উত্তৰ : (c) অম্লনাশক

প্রশ্ন 4. এটা দ্রই গুড়ি কৰি লােৱা কণীৰ খােলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ। উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘােলা কৰে। দ্রবটোত থাকে- [HSLC.’15,19]
(a) NaCl 
(b) HCl
(c) Licl
(d) KCl
উত্তৰ : (b) HCl

প্রশ্ন 5. তলৰ কোনটো এবিধ প্রাকৃতিক সূচক নহয়? 
(a) হালধী 
(b) লিটমাছ 
(c) মিথাইল অ’ৰেঞ্জ 
(d) জবা ফুলৰ পাতৰ ৰস। 
উত্তর : (c) 



প্রশ্ন 6. তলত দিয়াবােৰৰ সাংশ্লেষিক সূচক বিধ হল –
(a) লিটমাছ 
(b) মিথাইল অ’ৰেঞ্জ 
(c) ফিনলথেলেনি 
(d) ওপৰৰ (b) আৰু (c)
উত্তৰ : (d). 

প্রশ্ন 7. তলৰ কোনটো ৰাসায়নিক বিক্রিয়া অশুদ্ধ? 
(a) এছিড+ধাতু→ লৱণ+পানী 
(b) এছিড+ধাতু ⇒ লৱণ+হাইড্রজেন। 
(c) ক্ষাৰক+এছিড লৱণ+পানী 
(d) ধাতুৰ অক্সাইড+এছিড → লৱণ+পানী 
উত্তৰ : (a) 

প্রশ্ন 8. এছিডত থকা কেটায়নটো হ’ল :-
(a) CI 
(b) O
(c) H3O

(d) SO4
উত্তৰ : (c)

প্রশ্ন 9. গাৰবােৰে পানীত উৎপন্ন কৰা এনায়ন হ’ল  
(a) OH 
(b) H 
(c) H3O
(d) Na 
উত্তৰ : (a) 

প্রশ্ন 10. প্রশম দ্ৰৱৰ PH অৰ মান – 
(a) 5 
(b) 7
(c) 14 
(d) 0
উত্তৰ : (b)

প্রশ্ন 11. এছিড বৰষুণৰ ‘অৰ মান – 
(a) 6.5তকৈ কম 
(b) 5.7 তকৈ কম 
(c) 5.6 তকৈ কম
(d) 7.5 তকৈ কম 
উত্তৰ : (c)

প্রশ্ন 12. মুখৰ ভিতৰৰ PH অৰ মান তলৰ কোনটোতকৈ কম হলে দন্তক্ষয়ৰ সূচনা হয়? 
(a) 5.5তকৈ কম 
(b) 6.5 তকৈ কম 
(c) 5.6 তকৈ কম 
(d) 5.8 তকৈ কম ।
উত্তৰ : (a) 

প্রশ্ন 13. ৰঙা পৰুৱাই বিন্ধাতে কি এছিড নিঃসৰণ কৰে? 
(a) ইথানয়িক এছিড
(b) মিথানয়িক এছিড 
(c) টাটাৰিক এছিড
(d) মৌলিক এছিড 
উত্তৰ : (b) 

প্রশ্ন 14. তলত দিয়া উদ্ভিদৰ কোনবিধৰ শুঙত মিথানয়িক এছিড থাকে ? 
(a) বিলাহী 
(b) নেমু 
(c) তেতেলি 
(d) চোৰাত 
উত্তৰ : (d) 

প্রশ্ন 15. ব্লিচিং পাউদাৰৰ ৰাসায়নিক সংকেতটো হ’ল। 
(a) CaOCl 
(b) CaO2Cl 
(c) CaOCl2 
(d) Ca2OCl
উত্তৰ : (c) 

প্রশ্ন 16. বেকিং ছ’ডাৰ ৰাসায়নিক সংকেত হল 
(a) NaHCO3
(b) Na2HCO 
(c) Na2CO3.10H2
(d) Na2CO3
উত্তৰ : (a) 

প্রশ্ন 17. কাঁপােৰ ধােৱা ছ’ডাৰ ৰাসায়নিক সংকেত হল— 
(a) Na2CO3
(b) Na2CO3.10H2
(c) Na2CO3.2H2O
(d) NaHCO3
উত্তৰ : (b) 

প্রশ্ন 18. জিপছামৰ ৰাসায়নিক সংকেত হল— 
(a) CaSO4.½H2
(b) CaSO45H2
(c) CaSO4.2H2
(d) Ca SO4 H2O
উত্তৰঃ (c)

প্রশ্ন 19. প্লাষ্টাৰ অৱ পেৰিছৰ ৰাসায়নিক সংকেত হল
(a) CaSO42H20
(b) CaSO410H2O
(c) CaSO4 5H2O
(d) CaSO4.½H2O
উত্তৰঃ (d)


পােনপটীয়া প্রশ্নোত্তৰ 


প্রশ্ন 1. সূচক কাক বােলে ?
উত্তৰ : যিবােৰ ৰঞ্জক পদার্থই আম্লিক, ক্ষাৰকীয় আৰু প্রশম মাধ্যমত বিভিন্ন ৰং দেখুৱায়, সেইবােৰক সূচক বােলে।

প্রশ্ন 2. দুটা প্রাকৃতিক সূচকৰ নাম লিখা। 
উত্তৰঃ লিটমাছ আৰু হালধী।

প্রশ্ন 3. হাইড্রাঞ্জিয়া ফুলৰ ৰং ক্ষাৰকৰ উপস্থিতিত কি হয় ? 
উত্তৰ : নীলা হাইড্রাঞ্জিয়া ফুলৰ ৰং ক্ষাৰকৰ উপস্থিতিত গুলপীয়া হয়। 

প্রশ্ন 4. দুটা সংশ্লেষিক/কৃত্রিম সূচকৰ নাম লিখা। 
উত্তৰঃ মিথাইল অৰেঞ্জ আৰু ফেনলফথেলিন।

প্রশ্ন 5. এছিডত নীলা লীটমাছ ডুবালে ইয়াৰ বৰণ কি হয়? 
উত্তৰ : নীল লিটমাছ এছিডত ৰঙা হয়। 

প্রশ্ন 6. এছিড আৰু ধাতুৰ মাজত বিক্রিয়া ঘটিলে কি উৎপন্ন হয়? [MQ-2015]
উত্তৰ : হাইড্রজেন গেছ আৰু ধাতুৰ লবণ। 

প্রশ্ন 7. এছিড আৰু ক্ষাৰৰ মাজত বিক্রিয়া ঘটিলে কি পদার্থ উৎপন্ন হয়?
উত্তৰ : পানী আৰু লৱণ উৎপন্ন হয়। 

প্রশ্ন ৪. ক্ষাৰ আৰু ধাতুৰ মাজত বিক্রিয়া ঘটিলে উৎপন্ন হােৱা পদার্থদুবিধৰ নাম লিখা।
উত্তৰ : হাইড্রজেন গেছ আৰু লৱণ। 

প্রশ্ন 9, ছ’ডিয়াম যিংকেটৰ ৰাসায়নিক সংকেত কি? 
উত্তৰ : Na2ZnO2  

প্রশ্ন 10. পিত্তৰসৰ PH মান কিমান? 
উত্তৰ : পিত্তৰসৰ PH মান 1.2 (প্রায়)। 

প্রশ্ন 11. আমাৰ শৰীৰে কিমান পৰিসৰৰ PH অৰ ভিতৰত কার্য কৰে? 
উত্তৰ : 7.0 আৰু 7.8PH পৰিসৰৰ মাজত। 

প্রশ্ন 12. মুখৰ ভিতৰত PH অৰ মান কিমান হলে দন্তক্ষয়ৰ সূচনা হয়। 
উত্তৰ : PH অৰ মান 5.5 তকৈ কমি গ’লে দন্তক্ষয়ৰ সূচনা হয়। 

প্রশ্ন 13. মৌমাখি বা চোৰাতৰ শুঙে বিন্ধিলে কি দিলে বিষৰ উপশম হয়? 
উত্তৰঃ বেকিং ছ’ডাৰ দৰে মৃদু শাক দিলে বিষৰ কিছু উপশম হয়। 

প্রশ্ন 14. চোৰাতৰ পাতে বিন্ধিলে কি উদ্ভিদৰ পাত ঘঁহি দিলে বিষৰ উপশম হয়? 
উত্তৰ : পাহাৰী পালেং (dock plant) পাত ঘঁহি দিলে বিষৰ উপশম হয়। 

প্রশ্ন 15. তীব্র এছিডৰ সংজ্ঞা দিয়া।
উত্তৰ : যিবােৰ এছিড পানীত সম্পূৰ্ণৰূপে আয়নিত হয়, সেইবােৰ এছিডক তীব্র এছিড বােলে।

প্রশ্ন 16. তীব্র এছিডৰ এটা উদাহৰণ দিয়া। 
উত্তৰ : হাইড্ৰ’ক্লৰিক এছিড। 

প্রশ্ন 17. মৃদু এছিডৰ দুটা নাম লিখা। 
উত্তৰ : এছেটিক এছিড (CH3COOH) আৰু কার্বনিক এছিড (H2CO3

প্রশ্ন 18. ব্রাইন কি? 
উত্তৰঃ ব্রাইন হ’ল ছ’ডিয়াম ক্ল’ৰাইড (NaCI)ৰ জলীয় দ্রব। 

প্রশ্নঃ 19, ব্লিচিং পাউদাৰৰ পণ্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা কেঁচা সামগ্রী কি? 
উত্তৰ : শুকান শিথিলিত চুণ।

প্রশ্ন 20. বেকিং ছ’ডাৰ এটা ঘৰুৱা ব্যৱহাৰ লিখা।
উত্তৰ : পাউৰুটি বা কে ফুলাই সােপােকা কৰাৰ বাবে বেকিং ছড়া (পাউদাৰ)। ব্যৱহাৰ কৰা হয়।

প্রশ্ন 21. অগ্নি নির্বাপণ যন্ত্রত কি দ্রব্য ব্যৱহাৰ কৰা হয় ? 
উত্তৰঃ বেকিং ছড়া।

প্রশ্ন 22. কাপােৰ ধােৱা ছ’ডাৰ অন্য এটা ব্যৱহাৰ উল্লেখ কৰা। 
উত্তৰঃ ব’ৰাক্স উৎপাদনত। 

প্রশ্ন”23. প্লাষ্টাৰ অৱ পেৰিছত পানী মিহলালে কি হয় ? 
উত্তৰ : প্লাষ্টাৰ অৱ পেৰিছত পানী মিহলালে জিপছামলৈ পৰিবর্তন হয়। 

প্রশ্ন 24. প্লাষ্টাৰ অৱ পেৰিছৰ এটা ব্যৱহাৰ লিখা। 
উত্তৰ : ঘৰৰ বেৰ মসৃণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। 

প্রশ্ন 25. ৰকছ’ল্ট বা খনিজ লৱণ কি? 
উত্তৰঃ দূৰ অতীতত সাগৰ শুকাই পৃথিৱীৰ অনেক প্রান্তত গােটা ছডিয়াম ক্ল’ৰাইড লৱণৰ ভাণ্ডাৰৰ সৃষ্টি হৈছিল। এইবােৰ অশুদ্ধিযুক্ত বাবে মুগা বৰণৰ। ইয়াকে ব’কছল্ট বা খনিজ লৱণ বােলে।

প্রশ্ন 26. খােৱা লৱণ কি কি ৰাসায়নিক দ্রব্যৰ কেঁচা সামগ্রী ?
উত্তৰঃ খােৱা লােণ বেকিং ছ’ডা, কাপােৰ ধােৱা ছ’ডা, ছডিয়াম অক্সাইড, আৰু ব্লিচিং পাউদাৰ।

প্রশ্ন 27. ব্লিচিং পাউদাৰৰ সংকেত কি? 
উত্তৰ : ব্লিচিং পাউদাৰৰ ৰাসায়নিক সংকেত CaOCl3 

প্রশ্ন 28. বেকিং ছ’ডা আৰু কাপােৰ ধােৱা ছ’ডাৰ ৰাসায়নিক সংকেত লিখা। 
উত্তৰঃ বেকিং ছডা NaHCO3 আৰু কাপােৰ বােরা ছডা  Na2CO3. 10H2O() 

প্রশ্ন 29. প্লাষ্টাৰ অৱ পেৰিছৰ সংকেত লিখা। 
উত্তৰ : প্লাষ্টাৰ অব পেৰিছৰ সংকেত CaSO4.½H2O


Class 10 Assamese/(Textbook)/পদ্যাংশ (বৈকল্পিক)
Class 10 Assamese/(Textbook)/গদ্যাংশ (বৈকল্পিক)



চমু প্রশ্নোত্তৰ


প্রশ্ন 1. এছিডৰ সাধাৰণ ধর্মবােৰ লিখা। 
উত্তৰঃ এছিডৰ ধর্ম (properties of acid): এছিডৰ সাধাৰণ ধর্মবােৰ হ’ল –
১। এছিডৰ সােৱাদ টেঙা (Sour test) 
২। এছিড়ে নীল লিটমাছ ৰঙা কৰে। 
৩। এছিডৰ জলীয় দ্রৱই বিদ্যুৎ পৰিবহণ কৰে। 
৪। ধাতুৰ লগত বিক্রিয়া কৰি H, গেছ আৰু লৱণ প্রস্তুত কৰে। 
৫। এছিডে ক্ষাৰকৰ লগত বিক্রিয়া কৰি পানী আৰু লৱণ উৎপন্ন কৰে। 
৬। ধাতুৰ অক্সাইডৰ লগত বিক্রিয়া কৰি পানী আৰু লৱণ উৎপন্ন কৰে।

প্রশ্ন 2. এছিডৰ সংজ্ঞা লিখা। এছিডক কেই প্ৰকাৰত ভগাব পাৰি? প্রতিবিধৰ উদাহৰণ দিয়া?
উত্তৰ : আহেঁ নিয়াছ নামৰ ৰসায়নবিদগৰাকীৰ মতে এছিডৰ সংজ্ঞা এনেদৰে দিব পৰা যায়– যিবোৰ পদার্থই জলীয় দ্রৱত আয়নিত হৈ H (হাইড্রজেন আয়ন) মুক্ত কৰে, সেইবােৰ পদার্থকে এছিড বা অম্ল বােলে। উদাহৰণস্বৰূপে হাইড্রক্লৰিক এছিড (HCl) পানীত দিলে তলত দিয়াৰ দৰে H মুক্ত হয়— 

HCL(aq)  → H(aq) + Cl(aq) H+ + H2O → H3O

পানীৰ অণুৰ লগত (যােজিত হৈ H+ আয়নে H3O (হাইড্রনিয়াম) আয়ন গঠন কৰে।

এছিডৰ প্ৰকাৰ : আয়নিত হােৱাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এছিডক দুটা ভাগত ভগােৱা হয়– (1) তীব্র এছিড (Strong acid) (2) মৃদু এছিড (Weak acid).

তীব্র এছিড : যিবােৰ এছিড পানীত সম্পূর্ণভাৱে আয়নিত হয় সেইবােৰক তীব্র এছিড বােলা হয়।
উদাহৰণ : 
হাইড্ৰ’ক্লৰিক এচিড = HCl
হাইড্র’’মিক এছিড = HBr
হাইড্র ‘আয়’ডিক এছিড = Hl
নাইট্রিক এছিড = NHO3
ছালফিউৰিক এছিড = H2SO4 ইত্যাদি

মৃদু এছিডঃ যিবােৰ এছিড পানীত সম্পূর্ণভাৱে আয়নিত নহয়, সেইবােৰ এছিডক মৃদু এছিড বােলে।
উদাহৰণ :
কার্বনিক এছিড = H2CO3
ছালফিউৰিক এছিড = H2SO3
মিথানয়িক এছিড = HCOOl
ইথানয়িক এছিড = CH3COOH3
অক্সেলিক এছিড = H2C2O4 ইত্যাদি

প্রশ্ন 3. আমি খােবা খাদ্য ক্ষাৰক থকা কেইবিধ মান খাদ্যৰ নাম লিখা।
উত্তৰঃ আমি খােৱা কিছুমান খাদ্যৰ সােৱাদ তিতা বা কেঁহা। নিমৰ পাত, দ্রোণ শাক, তিতা কেবলো, নয়নতৰাৰ পাত আৰু ফুল, শেৱালি ফুল, চিৰতা তিতা, হেলচি শাক, কুইনাইন, ব্রাহ্মী শাক, তিতাভেকুৰি আদিৰ সােৱাদ তিতা। এইবাৰত কিছুমান ক্ষাৰক থাকে বাবে ইয়াৰ এই তিতা সােৱাদ পােৱা যায়। তিতা কেৰলােত থকা এলকালয়ড বিধ হ’ল কিউকাৰবিটিন (Cucurbitin)।

প্রশ্ন 4. ক্ষাৰকৰ সংজ্ঞা লিখা। ইয়াৰ প্ৰকাৰ দুটাৰ নাম লিখা আৰু উদাহৰণ দিয়া।
উত্তৰঃ ক্ষাৰক : যিবােৰ পদার্থই জলীয় দ্রৱত আয়নিত হৈ হাইড্রক্সাইড আয়ন (OH) মুক্ত কৰে, সেইবােৰকে ক্ষাৰক বােলে।
উদাহৰণ : NaOH(aq) → Na (aq)+ OH (aq), KOH (aq) → K+(aq)+OH (aq) এছিডৰ দৰে কাৰকৰে তীব্ৰ আৰু মৃদু দুটা প্ৰকাৰ আছে। 

তীব্ৰক্ষাৰ (Strong base) : পানীত সম্পূর্ণভাৱে আয়নিত হােৱা ক্ষাৰকক তীব্র ক্ষাৰক বােলে। যেনে– NaOH, KOH তীব্ৰক্ষাৰক।

মৃদু ক্ষাৰক (Weak base) : পানীত সম্পূর্ণভাৱে আয়নিত নােহােৱা ক্ষাৰকক মৃদু ক্ষাৰক বােলে। উদাহৰণস্বৰূপে মেগনেছিয়াম হাইড্রক্সাইড — Mg(OH)2
কেলছিয়াম হাইড্রক্সাইড — Ca(OH)2 
এমনিয়াম হাইড্রক্সাইড — NH4OH

প্রশ্ন 5. ক্ষাৰকৰ সাধাৰণ ধর্মবােৰ উল্লেখ কৰা। 
উত্তৰঃ ক্ষাৰকৰ সাধাৰণ ধর্ম (properties of bases)  : 
১। ক্ষাৰকৰ সােৱাদ তিতা (bitter test) 
২। ক্ষাৰক চুলে পিছল লাগে। 
৩। ৰঙা লিটমাছৰ বৰণ ক্ষাৰকে নীলা কৰে। 
৪। ক্ষাৰকৰ দ্ৰৱই বিদ্যৎ পৰিবহণ কৰে। 
৫। ক্ষাৰকে এছিডৰ লগত বিক্রিয়া কৰি পানী আৰু লৱণ উৎপন্ন কৰে। 
৬। ক্ষাকে ধাতুৰ লগত বিক্রিয়া কৰি হাইড্রজেন গেছ আৰু লৱণ উৎপন্ন কৰে। 
৭। ধাতুৰ অক্সাইডেৰে বিক্রিয়া কৰি লৱণ তাৰু পানী উৎপন্ন কৰে।

প্রশ্ন 6. এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে কি গেছ উৎপন্ন হয় ? এটা উদাহৰণেৰে চমুকৈ বুজাই লিখা।[MQ-2015, ’19]
উত্তৰ : এছিড়ে ধাতুৰ সৈতে বিক্রিয়া কৰিলে ধাতুটোৰ লৱণ আৰু হাইড্রজেন গেছ উৎপন্ন হয়।
উদাহৰণ : জিংক ধাতুৰ টুকুৰা পনীয়া ছালফিউৰিক এছিডত ডুবাই দিলে, ই যিংক ছালফেট লৱণ (ZnSO4) আৰু হাইড্রজেন গেছ (H2) প্রস্তুত কৰে।
ৰাসায়নিক বিক্রিয়াৰ সমীকৰণটো হ’ল : –
Zn(S) + H2SO4(aq) + ZnSO4(aq) + H2(g)

প্রশ্ন 7ঃ ফলৰ ৰস আৰু দৈক কপাৰ আৰু কাহ-পিতলৰ পাত্ৰত কিয় ৰখা নহয় ?
উত্তৰ : ফলৰ ৰস আৰু দৈ উভয়তে জৈৱিক এছিড থাকে। ফুলৰ ৰসত ছাইট্রিক এছডি, এছকৰবিক এছিড আদি থাকে। দৈ গাখীৰত লেকটিক এছিড থাকে। এইবােৰ এছিডে কপাৰ বা কাহত থকা ধাতু Cu3 Zn বা টিন আদিৰ লগত বিক্রিয়া কৰি লৱণ আ হাইড্রজেন গেছ উৎপন্ন কৰে। ফলত দৈৰ সােৱাদ বেয়া হয় অআৰু পাত্ৰটোও বিবর্ণ আৰু ক্ষয় হয়। সেই হেতুকে ফলৰ ৰস আৰু দৈ পিতল বা কঁহৰ বাচনত ৰখা নাযায়। 

প্রশ্ন ৪ : ধাতুৰ কার্বনেটত পনীয়া এছিড যােগ কৰিলে কিয় হয়? উৎপন্ন হােৱা গেছটোক পানীৰ মাজেদি যাবলৈ দিলে কি হ’ব? সমতুল সমীকৰণৰ সহায়ত এটা উদাহৰণ। সহ বুজাই লিখা।
উত্তৰ : ধাতুৰ কার্বনেটত পনীয়া এছিড যােগ কৰিলে ধাতুটোৰ লবণ, কার্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। – এই গেছটোক চূণপানীৰ মাজেৰে যাব দিলে চূণপানীখিনি ঘােলা হৈ পৰে আৰু তলত বগা অধঃক্ষেপপৰে।

উদাহৰণস্বৰূপে ছাডিয়াম কার্বনেট (Na2CO3) ৰ লগত পনীয়া হাইড্র’ক্লৰিক (HCl) যােগ কৰিলে ছ’ডিয়াম ক্ল’ৰাইড (NaCl) আৰু CO2 গেছ প্রস্তুত হয়। CO2 চণপানীৰ মাজেদি যাব দিলে কেলছিয়াম কার্বনেট (CaCO3)-ৰ বগা অধঃক্ষেপ পৰে।

Na2CO3(S) + 2HCl(aq) + 2NaCl(aq) + H2O(l)+CO2(g)
Ca(OH)2(aq) + CO2(g) → CaCO3(S) + H2O(l) 

যদি CO2 বেছি সময় চূণ পানীৰ মাজেদি যাব দিয়া হয়, তেতিয়া কেলছিয়াম বাইকার্বনেট Ca(HCO3)2 উৎপন্ন হয়। এইউৎপাদিত যৌগগৰম পালে আকৌ CaCO3 লৈ পৰিৱৰ্তন হয়।

CaCO3(s)+ H2O(l) + CO2(g) + Ca(HCO3)2(aq)
Ca(HCO3)2 → CaCƠ3 (S)+H2O(l) +CO2(g)

প্রশ্ন 9. যিংকৰ টুকুৰাৰ লগত লঘু ছালফিউৰিক এচিডৰ বিক্রিয়াৰ ফলত হাইড্রজেন গেছৰ উৎপন্ন হয়। এই বিক্রিয়াৰ পৰীক্ষা পৰীক্ষাগাৰত কিদৰে দেখুৱাব পাৰি তাৰ সজুলিৰ চিত্র অংকন কৰি দেখুওৱা আৰু চিনাক্ত কৰণ কৰা। 
উত্তৰঃ যিংকৰ টুকুৰাৰ লগত পনীয়া ছালফিউৰিক এছিডৰ বিক্রিয়াৰ ফলত উৎপন্ন হােৱা হাইড্রজেন গেছৰ বাবে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা সঁজুলিৰ চিহ্নিত চিত্র তলত অংকন কৰি দেখুওৱা হল :

প্রশ্ন 10 : এলক হল আৰু গ্লুকোজত হাইড্রজেন আছে যদিও এই দুয়ােটা এছিড. নহয়। দুটা কাৰণ দর্শোৱা। 
উত্তৰ : এলকহলৰ আৰু গ্লুকোজ দুয়ােয়েই পানীত দ্রবীভূত হলেও হাইড্রজেন আয়ন (H’) উৎপন্ন কৰিব নােৱাৰে। যিবােৰ দুৱৰ জলীয় দ্রবই H’ উৎপন্ন কৰে তাকেহে এছিড বােলে। গতিকে এলকহল আৰু গ্লুক’জ এছিড হ’ব নােৱাৰে। তাৰােপৰি ইহঁতে – ধাতুৰ লগত বিক্রিয়া কৰি H, প্রস্তুত নকৰে।

প্রশ্ন 11. PH স্কেল কি? ইয়াৰ পৰিসৰ কিমান? PH মানে কি? |HSLC-2015] প্রশম দ্ৰৱৰ Pকিমান ?
উত্তৰ : দ্ৰৱত হাইড্রজেন আয়নৰ গাঢ়তা পৰিমাপৰ বাবে যি স্কেল উদ্ধাৱন কৰা হৈছে তাকে PH স্কেল বােলা হয়। ইয়াৰ পৰিসৰ 0 (শূণ্য) ৰ পৰা 14।
সৰলভাবে PH মানে দ্ৰবৰ আম্লিক আৰু ক্ষাৰকীয় চৰিত্ৰ সূচক এটা সংখ্যা। PH অৰ p আখৰটো জার্মান শব্দ ‘potex (power : ক্ষমতা) শব্দৰ পৰা আহিছে।
প্রশম দুৱৰ P! তাৰ মান 7।

প্রশ্ন 12. ব্রাইন কি? ব্রাইনৰ মাজেৰে বিদ্যুৎ-প্রবাহিত কৰিলে কি পদার্থ উৎপন্ন হয়? বিক্রিয়াৰ সন্তুলিত সমীকৰণ লিখা। [HSLC.’20] 
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্রৱক ব্রাইন বােলে ? ব্রাইনৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে ছডিয়াম হাইড্রক্সাইড, ক্ল’ৰিণ আৰু হাইড্রজেন উৎপন্ন হয়।

2NaCl + H2O →বিদুৎ→ 2NaOH + Cl2 + H2

প্রশ্ন 13. দৈনন্দিন জীৱনত PH ৰ গুৰুত্ব কি বুজাই লিখা। 
উত্তৰঃ দৈনন্দিন জীৱনত PH ৰ হিচাব আমাৰ শৰীৰৰ বাবে বৰ গুৰুত্বপূর্ণ। আমাৰ শৰীৰে 7.0 ৰ পৰা 7.8 Pপৰিসৰৰ মাজত কার্য কৰি থাকে। মুখৰ ভিতৰত PH ৰ মান 5.5 অতকৈ কমি গ’লে দন্তক্ষয় হয়। আমাৰ তেজৰ PH ৰ পৰিমাণ 7.4। গতিকে ইয়াৰ মান কম বেছি হ’লে শৰীৰ ৰােগাক্রান্ত হয়। পাকস্থলীত হাইড্র’ক্লৰিক এছিড আৰু অগ্ন্যাশয়ত থকা ক্ষাৰকো নির্দিষ্ট পৰিমাণৰ PH যুক্ত।

প্রশ্ন 14. প্লাষ্টাৰ অব পেৰিছ কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ? ইয়াৰ এটা গুৰুত্বপূর্ণ ব্যৱহাৰ লিখা। [HSLC-2015]
উত্তৰঃ কেলছিয়াম ছালফেট হেমিহাইড্রেটকে (CaSO4,½H2O) প্রাষ্টাৰ অব পেৰিছ বােলেই এবিধ বগা গুৰি। জিপছাম (CaSO42H2O) ক 373K উষ্ণতাত গৰ্ম কৰিলে ইয়াৰ পৰা পানীৰ অণু অপসাৰিত হৈ কেলছিয়াম ছালফেট হেমিহাইড্রেট (CaSO4.½H2O) উৎপন্ন হয়। ইয়াকে প্লাষ্টাৰ অৱ পেৰিছ বােলে।

CaSO42H2O →373K→ CaSO4½H2O+l½H2O)
    জিপছাম                                                 প্রাষ্টাৰ অব পেৰিছ

ব্যৱহাৰ : ইয়াক চিকিৎসালয়ত্ব ভঙা হাড়ৰ জোৰা লগােৱাত সহায়ক হিচাপে ব্যৱহাৰ কৰা হয় । 

প্রশ্ন 15. বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ? ৰাসায়নিক সমীকৰণ লিখা।[HSLC.’18]
উত্তৰ : বেকিং ছ’ডাৰ ৰায়াসনিক নাম ছডিয়াম হাইড্রজেনকার্বনেট (NaHCO3)। সাধাৰণ লৱণক কেঁচা সামগ্রী হিচাপে লৈ ইয়াক তলত দিয়া ৰাসায়নিক বিক্রিয়াৰ সহায়ত প্রস্তুত কৰা হয়।

NaCl + H2O+CO2 NH3 → NH2Cl + NaHCO3


Conclusion:

এচিড, ক্ষাৰ আৰু লৱণ/ncert solutions for class 10 science chapter 2 xompurno notes bur pale ne, kenekuwa pale jonabo.

tolor article buru read koribo pare.


Class 10 Assamese/পদ্যাংশ/Q&A
Class 10 Assamese/পদ্যাংশ (বৈকল্পিক)/Q&A



HS 2nd year political science Part (B) Q&A
Wrote by Akshay

Leave a Comment

সমাজ সংগঠনত ছাত্ৰৰ ভূমিকা ৰচনা – 2023 শফালী বাৰ্মা জীৱনী | Shafali Verma Indian Women Cricketer মিতালী ৰাজ জীৱনী | Mithali Raj Biography Women Cricketer ভাৰতীয় ডাকঘৰ নিয়োগ 2023 | 40889 খালী পদৰ বাবে আবেদন কৰক বাল্য বিবাহঃ অসমত গণ গ্ৰেপ্তাৰ, ১৮০০ ৰো অধিক গ্ৰেপ্তাৰ প্ৰবীণ গায়িকা বাণী জয়ৰামৰ মৃত্যু হয়, পদ্মভূষণ বঁটা পোৱাৰ কেইদিনমান পিছত साउथ के सुपरस्टार Thalapathy 67 का बताया Tittle फ्लिम का Vadh | नए फ्लिम “वध” कब Release हो रहा हे UPSC 2023 Notification | ইউপিএছচি অসামৰিক সেৱা পৰীক্ষা 2023 Thunivu OTT release date ভাৰিচু আৰু থুনিভু অ’টিটি ত মুক্তি Padma Awards 2023 পদ্ম বঁটা বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা (GK) Indian Railways १७८५ वैकेंसी का इंतजार कर रहे युवाओं के लिए बड़ा मौका है। himanta biswa sarma marriage | Assam Chief Minister Essay on Discipline | Story dharitri assam land records online ভূমিৰেকৰ্ড কেনেদৰে পৰীক্ষা কৰিব? CA Foundation result | চিএ ফাউণ্ডেচন ফলাফল মুকলি কৰা হৈছে Bihu Essay in Assamese [বিহু ৰচনা]