class 10 science question answer assamese/SEBA Class X/2021

Rate this post

class 10 science

SEBA Class X
2021 all Q&A
class 10 science question answer in assamese/SEBA Class X/দশম শ্ৰেণী প্ৰশ্ন উত্তৰ/Information Site/Assam Board/Assamese Science Solution/Science Class X Solution/class 10 science assamese medium pdf
class 10 science question answer assamese/SEBA Class X/2021
class 10 science question answer assamese

জীৱন প্রক্রিয়া

অতি চমু প্রশ্নোত্তৰ (পােণপটীয়া প্রশ্নোত্তৰ)
প্রশ্ন 1: মানুহৰ দৰে বহুকোষী জীৱৰ অক্সিজেনৰ প্ৰয়ােজন পূৰাবলৈ কিয় ব্যাপন প্রক্রিয়া পর্যাপ্ত নহয়? 
উত্তৰ : বহসখা জমৰ ক্ষেত্ৰত, শৰীৰৰ সকলােবােৰ কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্রত্যক্ষ সংস্পৰ্শত নাথাকিবও পাৰে। সেয়েহে, সাধাৰণ ব্যাপন প্রক্রিয়া এনে জীৱৰ প্রতিটো কোষৰ অক্সিজেনৰ প্রয়ােজন পূৰাবলৈ পর্যাপ্ত নহয়।
প্রশ্ন 2 : কোনাে এটা বস্তু জীৱিত হয় নে নহয় তাক জানিবলৈ তুমি কি কি চর্ত। ব্যৱহাৰ কৰিবা ?
উত্তৰঃ কোনাে এটা বস্তু জীৱিত হয় নে নহয় তাক জানিবলৈ তলৰ চৰ্তসমূহ ব্যৱহাৰ কৰা যায়
(i) খাদ্য গ্রহণ, (ii) বৃদ্ধি (iii) শ্বসন (iv) চলাচল (v) প্রজনন। 
প্রশ্ন 3 এটা জীৱই বাহিৰৰ কেঁচা সামগ্রী কিহৰ বাবে ব্যৱহাৰ কৰে?
উত্তৰ : জীৱ এটাই বাহিৰৰ পৰিৱেশৰ পৰা কেঁচা সামগ্রী হিচাপে প্ৰধানকৈ কার্বনযুক্ত অণুসমূহ গ্ৰহণ কৰে। এই কেঁচা সামগ্ৰীসমূহ জীৱই শক্তি আহৰণ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰে।
প্রশ্ন 4 : জীৱৰ জীৱন চলাই নিবৰ বাবে তুমি কি কি প্রক্রিয়া দৰকাৰী বুলি গণ্য কৰা? 
উত্তৰ : জীৱৰ জীৱন চলাই নিবৰ বাবে দৰকাৰী হােৱা জীৱন প্রক্রিয়াসমূহ হ’লপৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন।
প্রশ্ন 5ঃ স্বপােষিত আৰু পৰপােষিত পুষ্টি পার্থক্যসমূহ কি? 
উত্তৰঃ স্বপােষিত আৰু পৰপােষিত পুষ্টি পার্থক্যসমূহ হ’ল
(i) স্বপােষিত পুষ্টিত জীৱই বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্রী আহৰণ কৰি নিজৰ খাদ্য নিজে প্রস্তুত কৰি লয়। আনহাতে, পৰপােষিত পুষ্টিত জীৱ এটাই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
(ii) স্বপােষিত পুষ্টিৰ প্ৰকাৰ মাথোঁ এটা। আনহাতে, খাদ্যৰ প্ৰকাৰ আৰু তাক আহৰণ কৰাৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত পৰােষিত পুষ্টি বেলেগ বেলেগ ধৰণৰ হ’ব পাৰে।
প্রশ্ন 6 সালােকসংশ্লেষণৰ বাবে প্রয়ােজন হােৱা প্ৰতিটো কেঁচা সামগ্রী উদ্ভিদে ক’ৰ ক’ৰ পৰা আহৰণ কৰে?
উত্তৰঃ  উল্লেখ কৰা উৎসসমূহৰ পৰা আহৰণ কৰে।
(i) বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড। (ii) মাটিৰ পৰা পানী। প্রশ্ন 
প্রশ্ন 7 : আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি? [HSLC.’20] 
উত্তৰ :  তামাৰ পাকস্থলীত থকা হাইড্রক্লৰিক এছিডৰ মুখ্য কার্যসমূহ হ’ল ;-
(i) ই পাকস্থলীত এক আম্লিক মাধ্যমৰ সৃষ্টি কৰি প্ৰটিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্রিয়াত সহায় কৰে।
(ii) ই খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে। 
প্রশ্ন 8 : পাচক উৎসেচক (Digestive enzyme) ৰ কার্য কি?
উত্তৰ : পাচক উৎসেচকসমূহৰ মুখ্য কার্য হ’ল খাদ্যৰ জটিল অণুসমূহক সৰল অণুলৈ ৰূপান্তৰিত কৰা।
প্রশ্ন 9 : পাচিত খাদ্যৰ শােষণৰ বাবে ক্ষুদ্রান্তডাল কেনেদৰে গঠিত হৈছে?
উত্তৰ : ক্ষুদ্ৰান্তৰ আন্তঃআৱৰণীখনত অসংখ্য আঙুলি-সদৃশ প্রবর্ধৰ সৃষ্টি হয়, যাক ভিলাই বুলি কোৱা হয়। এই ভিলাইবােৰে শােষণৰ বাবে পৃষ্ঠকালিৰ বৃদ্ধি ঘটায়। ভিলাইবােৰ ৰক্তনলীৰ সৈতে সংযুক্ত হৈ থাকে। এই ৰক্তনলীবােৰে শােষিত খাদ্যক প্ৰতিটো কোষলৈ কঢ়িয়াই নিয়ে।

এচিড, ক্ষাৰ আৰু লৱণ

NCERT পাঠ্যক্ৰমৰ প্রশ্নোত্তৰ
প্রশ্ন 1. তােমাক তিনিটা পৰীক্ষা নলী দিয়া হৈছে। ইয়াৰে এটাত ডিষ্টিল ৱাটাৰ (পাতিত পানী), এটাত এচিডৰ দ্ৰৱ আৰু আনটোত ক্ষাৰকৰ দ্ৰৱ আছে। যদি তােমাক কেৱল ৰঙা লিটমাছ কাগজ এখন দিয়া হয়, তেতিয়া প্ৰতিটো পৰীক্ষানলীৰ দ্ৰৱ কিদৰে চিনাক্ত কৰিবা? [HSLC.’19]
উত্তৰঃ ১। ৰঙা লিটমাছ পেপাৰখন তিনিটাৰ যিকোনাে এটা পৰীক্ষা নলত ডুবাই দিলে যদি লিটমাছ কাগজৰ বৰণ একে থাকে, তেন্তে সেইটো দ্রর পাতিত পানী বা এচিড হ’ব। যদি লিটমাছৰ ৰং নীলা হয়, তেন্তে সেই দ্ৰৱটো ক্ষাৰ হ’ব। এতিয়া সেই একেখন কাগজকে (নীলা) যদি প্রথম দুটাৰ যিকোনাে এটাত দিলে তাৰ বৰণ একে থাকে তেন্তে সেই পৰীক্ষ নলত থকা দ্ৰৱটো পাতিত পানীৰ হ’ব। বাকীটো এচিড হ’ব। যদি নীলা লিটমাছখনৰ ৰং সলনি হৈ ৰঙাৰ ফালে যায় তেন্তে সেইটো দুর এচিড হ’ব আৰু আনটো পাতিত পানী হ’ব। 
২। যদি ৰঙা লিটমাছ কাগজখনৰ ৰং যিকোনাে এটাত দিলে নীলা হৈ যায়, তেন্তে সেই দ্ৰৱটো ক্ষাৰ হ’ব৷ এতিয়া সেই নীলা কাগজখন বাকী দুটাৰ এটাত দিলে যদি বঙৰ পৰিবৰ্তন নহয়, তেন্তে সেইটো দ্ৰৱ পাতিত পানী হ’ব। বাকী দ্ৰৱটো এচিড হ’ব।
প্রশ্ন 2. দৈ গাখীৰ আৰু টেঙা খাদ্য দ্রব্য পিতল আৰু তামৰ পাত্ৰত ৰাখিব নালাগে কিয়?
উত্তৰঃ দৈ গাখীৰত লেকটিক এচিড থাকে আৰু টেঙা দ্রব্যতাে এচিড থাকে চাইট্রিক, টর্টাৰিকআদি জৈৱিক এচিডৰা অজৈৱিক এচিডা হ’ব পাৰে।এছেটিক, অক্সালিক, হাইড্রক্লৰিক ইত্যাদি।
সকলােবোেৰ এচিডে ধাতুৰ লগত বিক্রিয়া কৰি ধাতুৰ লৱণ আৰু পানী উৎপন্ন কৰে। তামৰ পাত্ৰৰ তাম আৰু পিতলৰ পাত্ৰৰ উপাদানবােৰৰ লগত এইবােৰ দুৱৰ বিক্রিয়া ঘটে। ফলত ইয়াৰ সােৱাদ বেয়া হয়। গতিকে এনে পাত্রত দৈ বা টেঙা দ্রব্য ৰাখিব নালাগে।
প্রশ্ন 3. যেতিয়া এবিধ এচিডে খাতুৰ লগত বিক্রিয়া কৰে, তেতিয়া কি গেছ নিগঞ্জ হয় ? এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। গেছটোৰ উপস্থিতি কিদৰে ধৰা পেলাবা? [HSC.’19|
উত্তৰ : এচিডে ধাতুৰ লগত বিক্রিয়া কৰিলে হাইড্রজেন গেছ উৎপন্ন কৰে। উদাহৰণস্বৰূপে জিংকৰ লগত লঘু ছালফিউৰিক এছিডৰ বিক্রিয়া ঘটিলে জিংক ছালফেট মরণ আৰু হাইড্রজেন গেছ উৎপন্ন হয়। ৰাসায়নিক বিক্রিয়াৰ সমীকৰণটো হ’ল।
Zn(s) + H2SO (aq) → ZnSO4 (aq) + H2(g)
যদি এডাল জ্বলি থকা কাঠি উৎপন্ন হােৱা গেছটোৰ ওচৰলৈ নিয়া হয়, তেতিয়া গেছটো জলি উঠিব। হাইড্রজেন গেছ নিজে দাহ্য। গতিকে উৎপন্ন হােৱা গেছটো হাইড্রজেন হ’ব।
প্রশ্ন 4. এটা ধাতুৰ যৌগ ‘A’ পনীয়া হাইড্রক্লৰিক এছিডৰ লগত বিক্রিয়া কৰি সতবৰণিৰ সৃষ্টি কৰে। এইদৰে ওলােৱা গেছটোৱে জ্বলি থকা মমবাতি এডাল নুমাই (পলায়। যদি এই বিক্রিয়াত উৎপন্ন হােৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হয় তেন্তে বিক্রিয়াটোৰ সমতুলিত ৰাসায়নিক সমীকৰণটো লিখা। [HSLC.’19]
উত্তৰ : ধাতুৰ যৌগটো হ’ব, কেলছিয়াম কার্বনেট। কেলছিয়াম কার্বনেটৰ লগত পনীয়া হাইড্রক্লৰিক এচিডৰ বিক্রিয়াৰ ফলত কেলছিয়াম ক্ল’ৰাইড আৰু কার্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এই উৎপন্ন হােৱা কার্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে বাবে এই গেছ জ্বলি থকা মমবাতিৰ শিখাৰ মাজেৰে গ’লে মমবাতিৰ শিখা নুমাই যায়। ৰাসায়নিক বিক্রিয়াৰ সামতুলিত সমীকৰণটো হ’ল—
CaCO2 + dil2HCl → CaCl2 + CO2 + H2O
প্রশ্ন 5. HCl, HNO3 ইত্যাদিবােৰে জলীয় দ্রৱত আম্লিক ধর্ম দেখুৱায়, কিন্তু। এলকহল আৰু থুক’জৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায় কিয়?
উত্তৰঃ HCl, HNO3 ইত্যাদিবােৰে পানীৰ লগত বিক্রিয়া কৰি হাড্র’নিয়াম H3O বা H’ আয়ন প্রস্তুত কৱে।H3O বা H+ আয়ন থাকিলে জলীয় দ্রৱ আম্লিক ধর্মী হয়। কিন্তু গ্রুক’জ বা এলকহলৰ জলীয় দ্রৱই H3O বা H+ আয়ন প্রস্তুত নকৰে। গতিকে ইহঁতে আম্লিক ধর্ম নেদেখুৱায়। 
প্রশ্ন 6, এচিডৰ জলীয় দ্রৱই কিয় বিদ্যুত চালিত কৰে?
উত্তৰ : এচিড পানীৰ লগত মিহলি কৰিলে ই H3O বা H আয়ন প্রস্তুত কৰে। এই আয়নবােৰে বিদ্যুৎ চালিত কৰে। কাৰণ আয়নৰবাৰে-দুৱৰ মাজেৰে গৈ ঋণদ্বাৰত আধান মুক্ত কৰি উদাসীন হয়।
প্রশ্ন 7. শুকান লিটমাছ পেপাৰৰ ৰং শুষ্ক HCl গেছে সলনি নকৰে কিয়? 
উত্তৰঃ শুষ্ক HCL গেছে H’ আয়ন প্রস্তুত নকৰে। কিন্তু জলীয় দুৱত H’ বা HO3 প্রস্তুত কবে। এই আয়নে লিটমাছৰ ৰং সলনি কৰে। কিন্তু শুকান লিটমাছ আর শুকান  HCL গেছত কোনাে আয়ন উৎপন্ন নহয়। গতিকে তাৰ ৰঙা সলনি নহয়।
প্রশ্ন ৪. গাঢ় এচিড পনীয়া কৰিলে এচিডত পানী নাটলে পানীতহৈ এচিড ঢালি, লাগে কিয়? [MQ-2015]
উত্তৰ : গাঢ় এচিড পনীয়া কৰিলে পানীৰ ওপৰত এচিড লাহে লাহে বাকি দি তক অবিৰামভাৱে লৰাই থাকিব লাগে। কিন্তু যদি এচিডত পানী ঢালি তাক পনীয়া কৰিবলৈ থােৱা হয়, তেতিয়া পানী এচিডত পুৰাৰ লগে লগে যথেষ্ট তাপৰ উদ্ভৱ হয়। ফলত পানীৰ বাপীভবন ঘটে আর বিস্ফোৰণৰ সৃষ্টি হয়। পাত্র ফাটি গৈ বিপদ ঘটাব পাৰে। গতিকে গাঢ় এচিডত পানী ঢালি পনীয়া কৰিব নালাগে।

ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ

NCERT পাঠ্যক্ৰমৰ প্রশ্নোত্তৰ
প্রশ্ন 1. বায়ুত পােৰাৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিষ্কাৰ কৰি লােৱা হয়।[HSLC.’19]
উত্তৰঃ মেগনেছিয়ামৰ ওপৰত মেগনেছিয়াম কার্বনেটৰ এটি তৰপ পৰি থাকে। এই তপটো থাকিলে পােৰাৰ সময়ত বায়ুৰ মুক্ত অক্সিজেনৰ লগত পােনে পােনে সংস্পর্শত নাহে। গতিকে মেগনেছিয়ামৰ ফিটাডাল ভালকৈ পুৰি নাযায়। সেয়েহে পােৰাৰ আগতে ফিটাডাল ছেণ্ডপেপাৰেৰে ঘঁহি পৰিষ্কাৰ কৰি লােৱা হয়।
প্রশ্ন 2. তলত দিয়া বিক্রিয়াবােৰৰ সমতুলিত ৰাসায়নিক সমীকৰণ লিখা —
(i)হাইড্রজেন + ক্ল’ৰিণ → হাইড্রজেন ক্ল’ৰাইড 
(ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড।
(ii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্রক্সাইড + হাইড্রজেন। [MQ-2015]
উত্তৰ : প্রশ্নত দিয়া ৰাসায়নিক বিক্রিয়াবােৰৰ সমতুল সমীকৰণবােৰ হ’ল :
(i) H2 +Cl2 → 2HCl 
(ii) 3BaCl2 + Al2(SO4)3 ⇒ 3BaSO4 + 2AICI3
(iii) 2Na + 3H2O 2NaOH + H2 
প্রশ্ন 3. তলত দিয়া ৰাসায়নিক বিক্রিয়াবােৰৰ অর্থপূর্ণ সমতুল সমীকৰণ (অৱস্থাৰ চিহ্ন দি) লিখা [HSLC.’17]
(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্রবই বিক্রিয়া কৰি অদ্রবণীয় বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্রস্তুত কৰে।
(ii) জলীয় ছ’ডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ আৰু পনীয়া হাইড্রক্লৰিক এচিডৰ মাজত বিক্রিয়া ঘটি ছডিয়াম ক্ল’ৰাইড দ্ৰৱ আৰু পানী উৎপন্ন কৰে। 
উত্তৰ : অর্থপূর্ণ সমতুলিত সমীকৰণবােৰ হ’ল—
(i) BaCl2(aq) + Na2SO (aq) → BaSO4(s) + 2NaCl(aq) 
(ii) NaOH(aq) + HCl(aq) → NaCl (aq) + H2O(l)
প্রশ্ন 4. আগতে ঘৰৰ বেৰত বগা ৰং দিবলৈ (White Washing) ‘x’ দ্রবটো ব্যৱহাৰ কৰা হৈছিল। [HSLC.’20] 
(i) এই ‘x’অৰ নাম লিখা আৰু আণবিক সংকেত লিখা। 
(ii) পনীৰ লগত (i)অৰ ‘x’এ কৰা ৰাসায়নিক বিক্রিয়াটো লিখা।
উত্তৰঃ (i) বেৰত বগা কৰিবলৈ (White washing) ব্যৱহাৰ কৰা ইয়াত দিয়া ‘x’দ্রব্যটো হ’ল কেলছিয়াম অক্সাইড। ৰাসায়নিক সংকেত হ’ল CaO 
(ii) CaO অৰ লগত পানী (H2O) এ বিক্রিয়া কৰিলে উৎপন্ন হােৱা বিক্রিয়াটো হ’ল–
কেলছিয়াম অক্সাইড + পানী → কেলছিয়াম হাইড্র’অক্সাইড
CaO+ H2O→Ca(OH)2
প্রশ্ন 5. পাঠ্যপুথিৰ কাৰ্য 1.7 অৰ এটা টেষ্টটিউৱত আনটো টেষ্টটিউব (পক্ষানল)তকৈ দুগুণ পৰিমাণৰ গেছ জমা. হােৱাৰ কাৰণ কি? গেছটোৰ নাম কি ?
উত্তৰ : পৰীক্ষা নলত জমা হােৱা গেছ দুটাৰ এটাত আনটোৰ দুগুণ। কাৰণ হ’ল নাৰ বিদ্যুৎ বিশ্লেষণ ঘটিলে ইয়াৰ হাইড্রজেন আৰু অক্সিজেন আৰু দুভাগ হাইড্রজেন “হে পানীৰ অণুৰ সৃষ্টি হয়। গতিকে পানীৰ অণু ভাঙিলেও এভাগ অক্সিজেন আৰু দুভাগ হাইড্রজেন গেছেই উৎপন্ন হ’ব। ইয়াত গেছটোৰ নাম হাইড্রজেন। ৰাসায়নিক বিক্রিয়াটো এনেধৰণৰ —
2H2O →বিদ্যুৎ বিশ্লেষণ→ 2H2 + O2
 
প্রশ্ন 6. যেতিয়া লােৰ গজাল এটা কপাৰ ছালফেটৰ জলীয় দ্রৱত থােৱা হয় দ্রব ৰং সলনি হয় কিয়?
উত্তৰ : কপাৰ ছালফেটৰ জলীয় দ্রৱই লােৰ লগত বিক্রিয়া কৰে। লােৰ লগত বিক্রিয়া কৰি ফেৰাছ ছালফেটৰ উৎপন্ন হয়। গতিকে দ্ৰবৰ ৰং সলনি হয়। ইয়াত কপাৰ অধক্ষিপ্ত হয়।
CuSO2 + Fe → FeSO2 + Cu
(কপাৰ ছালফেট) + (লােৰ গজাল) ⇒ (ফেৰাছ ছালফেট) + (কপাৰ) 
প্রশ্ন 7. পাঠ্যপুথিৰ কাৰ্য 1.10 অত থকাত বাহিৰে আন এটা দ্বি-অপসৰণ বিক্রিয়াৰ উদাহৰণ দিয়া।[HSLC.’19]
উত্তৰঃ NaCl + AgNO3 → AgCl + NaNO3
প্রশ্ন ৪. কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্রভাৱে বিক্রিয়া কৰি শিথিলিত চূণ উৎপন্ন কৰে। বিক্রিয়াৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্রিয়াৰ প্ৰকাৰ উল্লেখ কৰা। 
উত্তৰঃ CaO+H2O→Ca(OH)2
বিক্রিয়াৰ প্ৰকাৰ → সংযােজন প্রশ্ন 
প্রশ্ন 9. তলত দিয়া বিক্রিয়াবােত জাৰিত আৰু বিজাৰিত হােৱা দ্রব্যবােৰৰ চিনাক্ত কৰা।[HSLC.’17] 
(i) Na(s) +O2(g) → 2Na2O (s)
(ii) CuO(s) +H2(g) →Cu(s) +H2O(I). [HSLC.’20]
উত্তৰ : (i) নং বিক্রিয়াত ছ’ডিয়ামে (Na) অক্সিজেন গ্রহণ কৰি ছডিয়াম অক্সাইড (NaO2) উৎপন্ন কৰিছে। গতিকে ছ’ডিয়াম জাৰিত হৈছে।O2 বিজাৰিত হৈছে।
(ii)নং বিক্রিয়াত কপাৰ অক্সাইড (CuO)ৰ পৰা হাইড্রজেন গেছে অক্সিজেন অপসাৰিত কৰি হাইড্রেনে নিজে অক্সিজেনখিনি গ্ৰহণ কৰি পানী (H2O) উৎপন্ন কৰিছে।
গতিকে CuO বিজাৰিত হৈছে আৰু H2 গেছ জাৰিত হৈছে।
প্রশ্ন 10. সমতুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক বিক্রিয়াৰ সমীকৰণ কিয় সমতুল কৰিব লাগে ?
উত্তৰ : যেতিয়া ৰাসায়নিক বিক্রিয়াৰ সমীকৰণক তাৰ বিক্রিয়ক আৰু বিক্রিয়াজাত, পদার্থবােৰৰ পৰমাণুৰ সংখ্যা সমান কৰিবলৈ সংকেতবােৰৰ আগত কোনাে সংখ্যা পূৰণ কৰি দিয়া হয় আৰু সমীকৰণটোক পুনৰ লিখা হয়। এনে সমীকৰণক সমতুলিত সমীকৰণ বােলা হয়। উদাহৰণস্বৰূপে, — H2 +O2 → H2O
সমতুলসমীকৰণটো হ’ল- 2H2 + O2 → 2H2O
ৰাসায়নিক বিক্রিয়াবােৰে ভৰৰ নিত্যতা সুত্র মানি চলে। অর্থাৎ বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ পৰিমাণ সদায় সমান থাকে। পদার্থবােৰৰ কোনাে এটা যৌগ বা মৌলৰ পৰমাণুৰ সংখ্যা বিক্রিয়াৰ আগতে যিমান থাকে বিক্রিয়াৰ পাছতাে সিমানে থাকিব লাগিব। গতিকে বিক্রিয়াৰ সমীকৰণক সমতুল কৰিব লাগে।
Assamese Novel Online Reading Book
Class 8 Assamese/Read online TextBook


Class 9 Assamese/Read online TextBook

Class 10 Hindi/online Q&A/grammar/summary
Class 10 Science/Online Q&A
Class 10 Quiz
Class 10 Social Science
Class 10 Assamese/HSLC Old Question Papers
Class 10 Assamese/পদ্যাংশ
Class 10 Assamese/গদ্যাংশ
Class 10 Assamese/পদ্যাংশ (বৈকল্পিক)
Class 10 Assamese/গদ্যাংশ (বৈকল্পিক)
Class 10 Assamese/ৰচনা
Class 10 Assamese/Online Q&A
Class 11 Assamese/Online reading Book
Class 12/online Q&A
English Novel/Online Reading Book
Please join our community to ask anything
Wrote by Akshay

Leave a Comment

সমাজ সংগঠনত ছাত্ৰৰ ভূমিকা ৰচনা – 2023 শফালী বাৰ্মা জীৱনী | Shafali Verma Indian Women Cricketer মিতালী ৰাজ জীৱনী | Mithali Raj Biography Women Cricketer ভাৰতীয় ডাকঘৰ নিয়োগ 2023 | 40889 খালী পদৰ বাবে আবেদন কৰক বাল্য বিবাহঃ অসমত গণ গ্ৰেপ্তাৰ, ১৮০০ ৰো অধিক গ্ৰেপ্তাৰ প্ৰবীণ গায়িকা বাণী জয়ৰামৰ মৃত্যু হয়, পদ্মভূষণ বঁটা পোৱাৰ কেইদিনমান পিছত साउथ के सुपरस्टार Thalapathy 67 का बताया Tittle फ्लिम का Vadh | नए फ्लिम “वध” कब Release हो रहा हे UPSC 2023 Notification | ইউপিএছচি অসামৰিক সেৱা পৰীক্ষা 2023 Thunivu OTT release date ভাৰিচু আৰু থুনিভু অ’টিটি ত মুক্তি Padma Awards 2023 পদ্ম বঁটা বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা (GK) Indian Railways १७८५ वैकेंसी का इंतजार कर रहे युवाओं के लिए बड़ा मौका है। himanta biswa sarma marriage | Assam Chief Minister Essay on Discipline | Story dharitri assam land records online ভূমিৰেকৰ্ড কেনেদৰে পৰীক্ষা কৰিব? CA Foundation result | চিএ ফাউণ্ডেচন ফলাফল মুকলি কৰা হৈছে Bihu Essay in Assamese [বিহু ৰচনা]