important questions for class 12 political science chapter wise/2021/Hs2nd year

Rate this post
Political Science Class 12 Important Questions Chapter Wise/Extra questions/Important Questions of Political Science Class 12 Part A


important questions for class 12 political science chapter wise/2021/Hs2nd year


শীতল যুদ্ধৰ যুগ/chapter 1




প্রশ্ন ১: শীতল যুদ্ধ বুলিলে কি বুজা।
উত্তৰ : শীতল যুদ্ধ বুলিলে আমেৰিকা আৰু ইয়াৰ মিত্ৰগােষ্ঠীৰ লগত ছােভিয়েট ৰাছিয়া আৰু ইয়াৰ মিত্র গােষ্ঠীৰ চলি থকা প্রতিদ্বন্দ্বিতা, সংঘাট আৰু বিবাদক বুজায়।

প্রশ্ন ২: শীতল যুদ্ধ কেতিয়া আৰম্ভ হয় ?
উত্তৰ : ১৯৪৫ চনত শীতল যুদ্ধ আৰম্ভ হয় আৰু ১৯৯১ চনত ইয়াৰ অন্ত পৰে।

প্রশ্ন ৩ঃ NATOৰ সম্পূর্ণ নাম লিখা। 
উত্তৰ : North Atlantic Treaty Organisation. 

প্রশ্ন ৪ Warsaw চুক্তি কি?
উত্তৰঃ ছােভিয়েট ৰাছিয়াৰ নেতৃত্বত ১৯৫৫ চনত Warsaw চুক্তি সম্পাদন কৰা হয়। ইয়াৰ মুখ্য উদ্দেশ্য আছিল NATO শক্তিক প্রতিৰােধ কৰা। ইয়াৰ উল্লেখযােগ্য সদস্য ৰাষ্ট্রসমূহ আছিল— ছােভিয়েট ৰাছিয়া, পােলাণ্ড, পূর্ব জার্মানী, হাঙ্গেী , চেশ্লোভাকিয়া আদি।

প্রশ্ন ৫ : Warsaw চুক্তিৰ মূল উদ্দেশ্য কি আছিল? 
উত্তৰ : Warsaw চুক্তিৰ মূল উদ্দেশ্য আছিল NATO শক্তিক প্রতিৰােধৰা । 

প্রশ্ন ৬ : CENTO বুলিলে কি বুজা? 
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সংগঠিত হােৱা সামৰিক চুক্তিৰ এটা হ’ল CENTO। এই চুক্তি ১৯৫৫ চনত সম্পাদিত হয়। ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহ আছিল ক্রমে ইৰান, ইৰাক, টার্কি, পাকিস্তান আৰু আমেৰিকা।
প্রশ্ন ৭ : NAMৰ সম্পূৰ্ণ ৰূপটো লিখা। 
উত্তৰ : Non Aligned Movement. 

প্রশ্ন ৮ : কিউবান সংকট কি আছিল। 
উত্তৰ : আমেৰিকা আৰু ছােভিয়েট ৰাশিৰ মাজত সংঘটিত হ’শ শীতল যুদ্ধৰ যুগ ‘ যুদ্ধৰ ক্ষেত্ৰত কিউবান সংকটে এক উল্লেখযােগ্য ভূমিকা গ্রহণ কৰিছিল ।

প্রশ্ন ৯ : UNETAD কি?
উত্তৰ : United Nations Conference on Trade and Developmcnt. হৈছে ৰাষ্ট্ৰ সংঘৰ এটা বাণিজ্যিক সংস্থা।

প্রশ্ন ১০ : NAMৰ উদ্দেশ্য পৃথকীকৰণ নে? 
উত্তৰ : হয়।

প্রশ্ন ১১: কোন চনত মার্কিন যুক্তৰাষ্ট্ৰই জাপানৰ মহানগৰ নগাচাকি আৰু হিৰৰশ্বিমাত দুটা আণবিক বােমা নিক্ষেপ কৰিছিল।
উত্তৰ : ১৯৩৯ চনত। 

প্রশ্ন ১২ : LDC কি?
উত্তৰ : LDৰ অৰ্থ হৈছে অতি অনুন্নত দেশসমূহ অর্থাৎ Least Developed Countris.

প্রশ্ন ১৩ : যুদ্ধ নিবাৰক মানে কি বুজা?
উত্তৰ : শীতল যুদ্ধৰ কালছােৱাত গােষ্ঠীনিৰপেক্ষ ৰাষ্ট্রসমূহে যুদ্ধৰ পৰা বিৰত থকাৰ যি নীতি গ্রহণ কৰিছিল তাকেই যুদ্ধ নিবাৰক বােলা হয়।

প্রশ্ন ১৪ : নিয়ন্ত্রণ ৰেখা কি? 
উত্তৰ : নিয়ন্ত্রণ ৰেখা হ’ল দুখন স্বাধীন ৰাষ্ট্রৰ মাজৰ নির্দিষ্ট সীমাৰেখা বুজায়। 

প্রশ্ন ১৫ : গােষ্ঠীনিৰপেক্ষ আন্দোলনে নির্লিপ্ততা (নিঃ অহ) বজায়নে?
উত্তৰঃ গােষ্ঠানিৰপেক্ষ আন্দোলন নির্লিপ্ততা নহয় এইটো হ’ল এটা সকাৰত্মক নীতি।

প্রশ্ন ১৬ঃ বাক্যটোশুদ্ধকৰা— 
আমেৰিকাই সমাজবাদী আদর্শ অনুসৰণ কৰে। 
উত্তৰ : আমেৰিকাই পুঁজিবাদী আদর্শ অনুসৰণ কৰে। 

প্রশ্ন ১৭ : শূন্যস্থান পূৰণ কৰা— 
(ক) দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ লগে লগে____আৰম্ভ হয়। 
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ লগে লগে শীতল যুদ্ধ তৰম্ভ হয়। 

প্রশ্ন ১৮  :শীতল যুদ্ধৰ সময় নির্ধাৰণ কৰা।
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধ শেষ হােৱাৰ লগে লগে শীতল যুদ্ধ আৰম্ভ হয় আৰু ১৯৯১ চনত ইয়াৰ অন্ত পৰে।

প্রশ্ন ১৯ : হয়’বা নহয় লিখা—
শীতল যুদ্ধ আমেৰিকা আৰু ছােভিয়েট ইউনিয়নৰ মাজত চলি থকা প্রতিযােগিতা। 
উত্তৰ : হয়। 
(খ) চমু প্রশ্নোত্তৰ/(প্রত্যেকটোত ২ নম্বৰকৈ)। 

প্রশ্ন ১ : দ্বিতীয় বিশ্বযুদ্ধৰ কেনেকৈ আন্ত পৰে?
উত্তৰ : ১৪ আগষ্ট, ১৯৪৫ চনত জাপানে চর্তবিহীনভাৱে মিত্ৰগােষ্ঠীৰ ওচৰত আত্মসমর্পণ কৰাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে।

প্রশ্ন ২: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অভ্যুত্থান হােৱা দুখন মহাশক্তিৰ দেশৰ নাম উল্লেখ কৰা।
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়ন।

প্রশ্ন ৩ : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোন দুখন চহৰত আণবিক বােমা নিক্ষেপ কৰা হৈছিল?
উত্তৰঃ জাপানৰ হিৰৰাছিমা আৰুনাগাছাকি।। 

প্রশ্ন ৪ : মহা শক্তিধৰ দেশৰ সৰু মিত্র গােটৰ কিয় প্রয়ােজন হয় ?
উত্তৰঃ সৰু মিত্র দেশবােৰৰ পৰা বৃহৎ দেশে নিজৰ অস্ত্র আৰু সৈন্য বাহিনীক উৎক্ষেপণ কৰিব পাৰে।

প্রশ্ন ৫ : পাশ্চাত্য মিত্রগােট আৰু প্ৰাচ্যৰ মিত্ৰগােট বুলিলে কি বুজা?
উত্তৰ : পাশ্চাত্য মিত্রগােট বুলিলে আমেৰিকাৰ নেতৃত্বত থকা গােটক (১৯৪৯) আৰু প্ৰাচ্যৰ মিত্ৰগােট বুলিলে ছােভিয়েট ইউনিয়নৰ নেতৃত্বত মিত্রগােটক বুজাইছে (১৯৫৫ চনত)।

প্রশ্ন ৬ : দুটা বৃহৎ শক্তিধৰ দেশৰ মাজত সংগঠিত হােৱা দুটা অস্ত্র সংৰৰণ চুক্তিৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ : (i) পৰিকল্পিত অস্ত্র সংবৰণ চুক্তি 
(ii) পৰিকল্পিত অস্ত্র সংবৰণ চুক্তি (II)
প্রথম চুক্তিখন ছােভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি মিখাইল গর্বাচেভ আৰু আমেৰিকাৰ ৰাষ্ট্রপতি জর্জ বুশ (জ্যেষ্ঠ)ৰ মাজত সম্পাদিত হৈছিল। দ্বিতীয় চুক্তিখন ছােভিয়েট ৰাছিয়াৰ ৰাষ্টপতি বৰিছ ইয়েল্টছিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জজ বুশ (জ্যেষ্ঠ ) মাজত সম্পাদিত হৈছিল।

প্রশ্ন ৭ : কেতিয়া আৰু ক’ত প্রথম গােষ্ঠীনিৰপেক্ষ সম্মিলন অনুষ্ঠিত হৈছিল ?
উত্তৰ : ১৯৬১ চনৰ ১ ৰ পৰা ৬ ছেপ্টেম্বৰলৈকে বেলগ্রেডত প্রথম গােষ্ঠীনিৰপেক্ষ সম্মিলন অনুষ্ঠিত হৈছিল।

প্রশ্ন ৮ : দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি আৰু বিৰােধী শক্তি বুলিলে কি বুজা ? 
উত্তৰ : মিত্র শক্তি হ’ল আমেৰিকা, ব্রিটেন, ফ্রান্স, ৰাছিয়া । বিৰােধী শক্তি হ’ল – জাপান, জার্মানী আৰু ইটালী।

প্রশ্ন ৯ : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মৰ দাঙি উঠা দই মহাশক্তিৰ নাম লিখ। 
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দুটা শক্তিগােষ্ঠীৰ সৃষ্টি হােৱা দেখা যায়। এটা শক্তিগােষ্ঠীৰ নেতৃত্ব বহন কৰিছিল পুঁজিবাদী আমেৰিকাই আৰু আনটো গােষ্ঠীৰ নেতৃত্ব দিছিল কমিউনিষ্ট ৰুছিয়াই।

প্রশ্ন ১০ : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণবিক বােমা নিক্ষেপ কৰা ঠাই দখনৰ নাম লিখা।
উত্তৰ : হিৰৰচিমা, নাগাচাকি। 

প্রশ্ন ১১ঃ শীতল যুদ্ধৰ আৰম্ভণিৰ মূল কাৰণটো লিখা।
উত্তৰ : আদৰ্শগত পার্থক্য : ছােভিয়েট ৰুছিয়া আৰু এই দেশৰ অনুগামী ৰাষ্ট্রসমূহে সাম্যবাদ নীতি অনুসৰণ কৰিছিল আৰু আমেৰিকা আৰু এই দেশৰ নেতৃত্বাধীন ৰাষ্ট্ৰসমূহ পুঁজিবাদী আদর্শত বিশ্বাসী আছিল। সাম্যবাদী আদর্শত বিশ্বাস ৰাখিয়েই ৰুছিয়াই উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতি অৱলম্বন কৰিছিল। আনহাতে পুঁজিবাদৰ ওপৰত বিশ্বাসী আমেৰিকাই এই নীতিৰ বিৰােধিতা কৰিছিল।

দ্বিপক্ষীয় ৰাজনীতিঃ দ্বিতীয় মহাযুদ্ধৰ পিছত বিশ্বত দ্বিপক্ষীয় ৰাজনীতিৰ সৃষ্টি হােৱা পৰিলক্ষিত হয়।

 এই যুদ্ধত ৰােম বার্লিন-টকিঅ’ অক্ষশক্তি পৰাজিত হয়। জার্মানীক চাৰিটা ভাগত ভাগ কৰি আমেৰিকা, ইংলেণ্ড, ফ্রান্স আৰু ৰুছিয়াৰ নিয়ন্ত্রিত ৰখা হৈছিল। ইংলেণ্ড আৰু ফ্রান্সৰাে শক্তি বহু পৰিমাণে হ্রাস হৈছিল। কেৱল আমেৰিকা আৰু ৰুছিয়াইহে শক্তিশালী ৰাষ্ট্ৰৰূপে স্থিতি লাভ কৰিবলৈ সক্ষম হয়। 

দুয়ােখন দেশৰ মাজত বিভিন্ন কাৰণত মতভেদৰ সৃষ্টি হােৱাত শীতল যুদ্ধৰ আৰম্ভ হয়।

প্রশ্ন১২ঃ দুই মহাশক্তিক সৰু সৰু সহযােগী প্রয়ােজন কিয় হৈছিল ? 
উত্তৰ : দুই মহাশক্তিয়ে নিজৰ অর্থনৈতিক আৰু সামৰিক শক্তি বৃদ্ধি কৰাৰ বাবে সৰু সৰু দেশৰ সহযােগিতাৰ প্ৰয়ােজন হৈছিল। 

প্রশ্ন ১৩ : দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্র নিয়ন্ত্ৰণৰ চুক্তি দুখনৰ নাম লিখা। 
উত্তৰ : (i) Partial Nuclear Teast Ban Treaty) আণৱিক অস্তু পৰীক্ষা নিষিদ্ধকৰণ চুক্তি। 
ii) আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ ৰােধকাৰী চুক্তি (Treaty of NonProliferation of Nuclear Weapons)

প্রশ্ন ১৪ : NATO ৰাষ্ট্ৰসমূহৰ ঘঘাষণা পত্র কি?
উত্তৰ : North Atlantic Treaty Organization গঠন শীতল যুদ্ধৰ প্রথম পর্যায়ৰ অন্যতম ঘটনা। ১৯৪৯ চনৰ ৪ এপ্রিলত ৱাশিংটন চহৰত এই চুক্তিত কেইবাখনাে ৰাষ্ট্ৰই স্বাক্ষৰ দান কৰি এটা নতুন সংস্থা গঠন কৰে আৰু যিকোনাে দেশৰ আক্ৰমণৰ বিৰুদ্ধে সামূহিকভাৱে থিয় দিবলৈ সংকল্পবদ্ধ হয়। ৰুছিয়াৰ আক্রমণ প্রতিৰােধ কৰাৰ উদ্দেশ্যেই এই সংস্থাটো গঠন কৰা বুলি ক’ব পাৰি।

প্রশ্ন ১৫ : কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম লিখা। 
উত্তৰ : চেকোশ্লোভাকিয়া, যুগশ্লোভিয়া, ছােভিয়েট ৰাছিয়া। 

প্রশ্ন ১৬ : গােষ্ঠীনিৰপেক্ষতাৰ এক নেতিবাচক নীতি কি? 
উত্তৰ : গােষ্ঠীনিৰপেক্ষতা এক সকাৰত্মক নীতি।

প্রশ্ন ১৭ : দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ঔপনিৱেশিকতাৰ পৰা মুক্ত হােৱা যিকোনাে চাৰিখন ৰাষ্ট্রৰ নাম লিখা।
উত্তৰ : ভাৰতবর্ষ, পাকিস্তান, শ্রীলংকা, নিউজিলেণ্ড।
(গ) দীঘল প্রশ্নোত্তৰ :/(প্রত্যেকটোত ৪ নম্বৰকৈ)

প্রশ্ন ১ : শীতল যুদ্ধ শীতল’ হৈ থাকিল গৰম’যুদ্ধলৈ কিয় পৰিৱৰ্তিত নহ’ল?
উত্তৰ আমেৰিকা আৰু ছােভিয়েট ৰাছিয়া এই দুটা পৰস্পৰবিৰােধী মহাশক্তিধৰ দেশৰ আবিৰ্ভাৱৰ লগে লগে তেওঁলােকৰ মাজত শীতল যুদ্ধ আৰম্ভ হয়। দুয়ােখন দেশে সম্মুখ যুদ্ধ কৰিব বিচৰা নাছিল, কিয়নাে পাৰমাণৱিক শক্তিধৰ দুখন দেশৰ মাজত যুদ্ধ আৰম্ভ হ’লে উভয় দেশেই যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ব। আৰু এনে ধ্বংসৰ ফলত কোনাে এখন দেশকে বােধহয় বিজয়ী হিচাপে ঘােষণা কৰা নাযাব। উভয়ৰ হাততে ধ্বংসৰ ইমান অস্ত্র-শস্ত্র মজুত আছিল যে তেওঁলােকে প্রকৃত যুদ্ধত অংশ লােৱাৰ ক্ষেত্ৰত অগ্ৰসৰ হােৱাৰ কথা ভাবিব পৰা নাছিল। প্ৰকৃততে উভয় দেশৰ হাতত থকা পাৰমাণৱিক অস্ত্র ভাণ্ডাৰে যুদ্ধ সংগঠিত কৰাত বাধাৰ সৃষ্টি কৰিছিল। 

প্রশ্ন ২ : মহাশক্তিধৰ দেশসমূহে যি চুক্তি ব্যবস্থাৰ নেতৃত্ব দিছিল তেনে চুক্তিসমূহে সমগ্র পৃথিৱীক দুটা গােটত বিভক্ত কৰিছিল নে? যুক্তি দিয়া।
উত্তৰ : শীতল যুদ্ধ আৰু পৰৱর্তী আঞ্চলিক চুক্তিসমূহে প্রায় সমগ্র বিশ্বৰ দুটা পৰস্পৰবিৰােধী গােটত বিভক্ত কৰিছিল। তেনে পৰিস্থিতিত, গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ আৰম্ভণিয়ে তৃতীয় বিশ্বৰ ৰাষ্টসমূহক এনে আঞ্চলিক চুক্তিসমূহত যােগদান কৰৰ পৰা বিৰত ৰখাৰ সুবিধা দিছিল আৰু দেশসমূহৰ আগত তৃতীয় বিকল্পৰ ব্যৱস্থা কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰু, যুগােশ্লোভিয়াৰ জোছেফটিটো আৰু মিচৰৰ জি. এ. নাছেৰে এই ক্ষেত্ৰত আগভাগ লৈছিল। সেয়েহে, গােষ্ঠীনিৰপেক্ষ আন্দোলনে সমগ্র বিশ্বক দুটা ভাগত ভাগ কৰাত বাধা প্রদান কৰিছিল আৰু বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বাবে বিকল্প পথৰ সন্ধান দিছিল।

প্রশ্ন ৩ঃ সৰু ৰাষ্ট্রসমূহে বৃহৎ শক্তিধৰ ৰাষ্ট্ৰসমূহক কেনেদৰে সহায় কৰে? 
উত্তৰ : সৰু ৰাষ্ট্রসমূহে বিভিন্ন ধৰণে বৃহৎ ৰাষ্ট্ৰসমূহৰ প্রতি সহায় আগবঢ়ায়—
(i) বিভিন্ন ধৰণৰ প্রাকৃতিক সম্পদ যেনে— খাৰুৱা তেল, খনিজ পদার্থ আদি লাভ কৰাত সহায় কৰে।
(i) সৰু ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্বৰ সম্পর্ক স্থাপন কৰি সেই ৰাষ্ট্ৰসমূহৰ পৰা তেওঁলােকে অস্ত্র-শস্ত্ৰ আৰু সৈন্য বাহিনীক সঞ্চালনা কৰিব পাৰে।
(iii) এই সৰু ৰাষ্ট্ৰসমূহৰ পৰা বৃহৰাষ্ট্রসমূহে গুপ্তচৰ বৃত্তি কৰাৰাে সুবিধা লাভ


প্রশ্ন ৪ : আদর্শগত পার্থক্যই শীতল যুদ্ধৰ জন্ম দিছিল বুলি তুমি ভাবানে?
উত্তৰ : শীতল যুদ্ধ বহুলাংশে পৰস্পৰবিৰােধী আদৰ্শৰ ফলশ্রুতি। এইখিনি কথা সঁচা যে— এই যুদ্ধৰ লগত, ক্ষমতা, সামৰিক প্রাধান্য আৰু ক্ষমতাৰ ভাৰসাম্যতাৰ নীতিও সমানে জড়িত হৈ আছে। আমেৰিকাৰ নেতৃত্বত পাশ্চাত্য দেশসমূহে উদাৰনৈতিক গণতন্ত্র আৰু পুঁজিবাদৰ আদৰ্শক অনুসৰণ কৰিছিল। আনহাতে ছােভিয়েট ৰাছিয়াৰ নেতৃত্বত চলি থকা প্ৰাচ্যৰ দেশসমূহে সমাজবাদ আৰু সাম্যবাদৰ আদৰ্শক গ্রহণ কৰিছিল। এনে পৰস্পৰবিৰােধী আদর্শয়াে শীতল যুদ্ধ সংগঠিত কৰাত যথেষ্ট গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল। 





দ্বিমেৰু বিভাজনৰ সমাপ্তি/ Chapter 2

(দ্বিতীয় অধ্যায়)




(ক) অতি চমু প্রশ্নোত্তৰ/ (প্রত্যেকটোত ১ নম্বৰকৈ)

প্রশ্ন ১ঃ কেতিয়া ছােভিয়েট ৰাছিয়াৰ উত্থান হয় ? 
উত্তৰ : 1917 

প্রশ্ন ২ঃ কেতিয়া দ্বি-মেৰুকৰণৰ অৱসান ঘটে? 
উত্তৰ – 1991 প্রশ্ন 

প্রশ্ন ৩ঃ মিখাইল গর্বাচেভ কোন?
উত্তৰ – ১৯৮৫ চনত মিখাইল গর্বাচেভ ছছাভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক নির্বাচিত হৈছিল। তেওঁ ৰাছিয়াৰ ৰাষ্ট্রপতি নির্বাচিত হৈছিল আৰু তেওঁৰ সময়তে ছােভিয়েত ৰাছিয়াৰ পতন হৈছিল।

প্রশ্ন ৪ : ছােভিয়েট ইউনিয়নৰ উত্তৰসূৰী কোন ৰাষ্ট্ৰ হৈছিল? 
উত্তৰ : ৰাছিয়া। 

প্রশ্ন ৫ : কোন বছৰত ৰাৰ সন্ধি ভংগ হৈছিল? 
উত্তৰ : ১৯৯১ চনত।

প্রশ্ন ৬ঃ কোনখন দেশ ভাঙি পৰাটোক দ্বিতীয় বিশ্ব ভাঙি পৰা বুলি জনা যায়? 
উত্তৰঃ ছােভিয়েট ৰাছিয়া।। 

প্রশ্ন ৭ঃ কোনখন দেশ ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল? 
উত্তৰঃ ছােভিয়েট ৰাছিয়া।। 

প্রশ্ন ৮ : USSRত কিমান ইউনিয়ন গণৰাজ্য আছিল। 
উত্তৰ : ১৫ খন। 

প্রশ্ন ৯ : বলছেভিক কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক কোন আছিল? 
উত্তৰ : লেনিন।।

প্রশ্ন ১০ঃ ছোভিয়েট ইউনিয়ন কেতিয়া এটা মহাশক্তি হৈ উঠিছিল? 
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ পাছত।

প্রশ্ন ১১ :  USSRত ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ মিখাইল গর্বাচেভে। 

প্রশ্ন ১২। ছােভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ কোতয়া হৈছিল? 
উত্তৰঃ ১৯৯১ চনত।

প্রশ্ন ১৩ : দ্বিমেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি কেতিয়া ঘটাইছিল?
উত্তরঃ ১৯৯০-৯১ চনত। 

প্রশ্ন ১৪ : ছােভিয়েট সমাজবাদী গণৰাজ্যত কোন দলে শাসন কৰিছিল? 
উত্তৰ: সাম্যবাদী দলে। 

প্রশ্ন ১৫। ছােভিয়েট ইউনিয়ন কি আদৰ্শৰ ওপৰত প্রতিষ্ঠিত আছিল? 
উত্তৰঃ সাম্যবাদী আদৰ্শৰ ওপৰত প্রতিষ্ঠিত আছিল। 

প্রশ্ন ১৬ঃ বাৰ চুক্তিখন কোন চনত ভংগ কৰা হৈছিল? 
উত্তরঃ ১৯৯১ চনত। 

প্রশ্ন ১৭ : কোনখন দেশৰ ধ্বংসক দ্বিতীয় বিশ্বৰ ধ্বংস বুলি জনা যায় ? 
উত্তৰঃ ছােভিয়েট ৰাছিয়া। 

প্রশ্ন ১৮ বােনখন দেশৰ ধবংসই শীতল যুদ্ধৰ সমাপ্তি ঘটায়? 
উত্তৰঃ ছােভিয়েট ৰাছিয়া। 

প্রশ্ন ১৯ : শুদ্ধ কৰা ষ্টেলিনে ছােভিয়েট ৰাছিয়াত সংস্কাৰ আৰম্ভ কৰিছিল? 
উত্তৰঃ মিখাইল গর্বাচেভে ছােভিয়েট ৰাছিয়াত সংস্কাৰ আৰম্ভ কৰিছিল। 

প্রশ্ন ২০ঃ কোন দলে ছােভিয়েট ৰাছিয়াক শাসন কৰিছিল? 
উত্তৰঃ সাম্যবাদী দলে। 

প্রশ্ন ২১ঃ ছােভিয়েট ৰাছিয়াৰ পতনতাৎক্ষণিক কাৰণ কি আছিল?
উত্তৰ – ছােভিয়েট ইউনিয়নৰ ৰাষ্ট্রপতি হিচাপে গর্বাচেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰত পদত্যাগ কৰাৰ লগে লগে ছােভিয়েট ইউনিয়নৰ পৰিসমাপ্তি ঘটে।

প্রশ্ন ২২ হােভিয়েট ৰাছিয়াৰ পতনৰ পিছত এক মাত্র শক্তিধর দেশ হিচাপে কোন ৰাষ্ট্ৰৰ উত্থান ঘটে?
উত্তৰ : আমেৰিকা। 

প্রশ্ন ২৩ঃ CISৰ সম্পূর্ণ নাম লিখা।
উত্তৰ : কমনৱেলথ অর ইণ্ডিপেনডেন্ট ষ্টেট। 

প্রশ্ন ২৪ঃ ছােভিয়েট ইউনিয়ন কোন আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছিল ? 
উত্তৰ : সাম্যবাদী আদর্শ।
(খ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ) 

প্রশ্ন ১ঃ দ্বিতীয় বিশ্ব’ বুলিলে কি বুজায় ?
উত্তৰ : পুর্ব ইউৰােপৰ সমাজবাদী ৰাষ্ট্রসমূহ আৰু যিসকল ৰাষ্ট্র Warsaw চুক্তি স্বাক্ষৰকাৰী আছিল, তেওঁলােকক সন্মিলিতভাৱে সমাজবাদী গােট বা দ্বিতীয় বিশ্ব ষােলে। এই দেশবােৰৰ ৰাজনৈতিক আৰু অর্থনৈতিক গাঁথনি ছােভিয়েট ৰাষ্ট্ৰৰ দৰে। এই ৰাষ্ট্রসমূহে ফেীবাদী শাসকসকলৰ পৰা মুক্তি লাভ কৰি শেষত সমাজবাদী গােটত যােগদান কৰে।

প্রশ্ন ২ঃ গর্বাচেভে আৰম্ভ কৰা দুটা সংস্কাৰৰ নাম উল্লেখ কৰা। 
উত্তৰ : Glasnots আৰু Perestroika Glasnots মানে হৈছে মুক্ত বাতাবৰণ আৰু Perestroika মানে হৈছে পুনর্গঠন। 

প্রশ্ন ৩ঃ ছােভিয়েট ইউনিয়ন পতন কোনে আৰু কেতিয়া ঘােষণা কৰিছিল? 
উত্তৰ : ২৫ ডিচেম্বৰ, ১৯৯১ চনত গর্বাচেভে ঘােষণা কৰিছিল। 

প্রশ্ন ৪ : পুঁজিবাদী অর্থনীতিৰ লগত ছােভিয়েট অর্থনীতিৰ দুটা পার্থক্য লিখা। 
উত্তৰ : (i) দেশৰ অর্থনৈতিক ব্যৱস্থাক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল (ii) ছােভিয়েট ৰাষ্ট্ৰই সকলাে শ্ৰেণীৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড বজাই বখাটো নিশ্চিত কৰিছিল আৰু লগতে স্বাস্থ্য, শিক্ষা, শিশু আৰু অন্যান্য কল্যাণকামী পৰিকল্পনাত বিত্তীয় সহায় আগবঢ়াইছিল।

প্রশ্ন ৫ঃ ছােভিয়েট ৰাছিয়াৰ পতনৰ পিছত উদ্ভৱ হােৱা দুখন ৰাষ্ট্রৰনাম লিখা। 
উত্তৰ : আর্মেনিয়া, কাজাখিষ্টান।

প্রশ্ন ৬ : শ্বক থেৰাপি বুলিলে কি বুজা?
উত্তৰ  – দ্বিতীয় বিশ্বৰ বেছি ভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পাছত এই ৰাষ্ট্রসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক পুঁজিবাদী ব্যবস্থালৈ নিজস্ব অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱহাক অতি কার্যকল পর্যায়ৰ মাজেদি বিবর্তিত কৰিব লগা হয়।  বেংক আৰু আন্তর্জাতিক মুদ্রানীধিৰ প্ৰভাৱত ৰাছিয়া, মধ্য এছিয়া আৰু পূর্ব । ইউৰােপৰ দেশসমূহৰ এই পৰিৱৰ্তন প্রক্রিয়াক শ্বক থেৰাপি বুলি জনা যায়।

প্রশ্ন ৭ঃ ছােভিয়েট ইউনিয়ন ধ্বংস হৈ যােৱাৰ পিছত বিশ্বৰৰাজনীতিৰক্ষমতাৰ সম্পর্ক কেনেকৈ পৰিৱর্তিত হয় ?
উত্তৰ – ছােভিয়েট ইউনিয়ন ধ্বংস হৈ যােৱাৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্য স্থাপিত হয়। লগতে বিভিন্ন গােটসমূহে বিশ্বত এক নতুন ব্যৱস্থা সৃষ্টিৰে এক শক্তিশালী ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰে য’ত কোনাে এখন দেশে দমনকাৰীৰ ভূমিকা পালন কৰিব নােৱাৰে।

প্রশ্ন ৮ঃ ছােভিয়েট ইউনিয়নৰ ধ্বংসেই কেনেকৈ শীতল যুদ্ধৰ অৱসান ঘটাইছিল?
উত্তৰ : ছােভিয়েত ইউনিয়ন বিভাজনৰ লগে লগে শীতল যুদ্ধৰ সমাপ্তি ঘটে। সমাজবাদী আৰু পুঁজিবাদী আদৰ্শৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰাৰ সংঘাতৰ অৱসান ঘটে। শীতল যুদ্ধৰ সমাপ্তিত নিয়ন্ত্ৰীৰণ প্ৰক্ৰিয়াৰ প্ৰভাৱত, পৃথিৱীত শান্তি প্রতিষ্ঠাৰ এক নতুন যুগ আৰম্ভ হয়।

প্রশ্ন ৯ : ছােভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হােৱা দুখন দেশৰ নাম লিখা। 
উত্তৰঃ ইউক্রেইন (Ukraine), বেলাৰুছ (Belarus)।

প্রশ্ন ১০ : ছােভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত কিদৰে শক্তিৰ সম্পৰ্কবােৰৰ সলনি হৈছিল?
উত্তৰঃ ছােভিয়েটৰ বিভাজনৰ পিছত দ্বিমেৰু কৰাৰ পৰিৱর্তে একমেৰুকৰণ ব্যৱস্থা প্রচলিত হৈছে। আমেৰিকাৰ একচেটিয়া প্রভুত্বৰ বিস্তাৰ হৈছে।

প্রশ্ন ১১। ছােভিয়েটৰ বিভাজনে কিদৰে শীতল যুদ্ধৰ বিবাদৰ অন্ত পেলাইছিল?
উত্তৰঃ ছােভিয়েট ৰাষ্ট্ৰ বৰ্তি থাকোতে পৃথিৱীৰ ভালেমান দেশৰ কিছুমানে পজিবাদী ৰাষ্ট্ৰ আমেৰিকাৰ বন্ধু বা সমর্থক হিচাপে কাম কৰিছিল। আনহাতে আন কিছুমান দেশে ছােভিয়েট ৰাছিয়াৰ পক্ষ অৱলম্বন কৰিছিল। আন্তর্জাতিক পৰিস্থিতিত এই ব্যৱস্থা দ্বিমেৰুকৰণ ব্যৱস্থা বুলি কোৱা হৈছিল। কিন্তু ছােভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে দ্বিমেৰুকৰণ ব্যৱস্থাৰ অন্ত পৰিছিল।

প্রশ্ন ১২ঃ আকস্মিকভাৱে ছােভিয়েট ইউনিয়নৰ পতনৰ দুটা কাৰণ লিখা। 
উত্তৰঃ অর্থনৈতিক স্থবিৰতা ও অর্থনৈতিক স্থবিৰতা ছােভিয়েট ইউনিয়ন সৰ অন্যতম কাৰণ বুলি ক’ব পাৰি। আমেৰিকাৰ সৈতে সামৰিক প্রতিযােগিতাত অৱতীৰ্ণ হৈ আণৱিক শক্তি বৃদ্ধি কৰাত ব্যস্ত হৈ পৰাত ছােভিয়েট চৰকাৰৰ ৰাজকোষৰ অধিকাংশ ধন খৰচ কৰি আঁচনিসমূহ কার্যকৰী কৰে। ফলস্বৰূপে নিজৰ দেশৰ নাগৰিকসকলৰ অভাৱ-অভিযােগ পূৰণ কৰাত চৰকাৰ ব্যর্থ হৈ পৰিছিল। এনে পৰিস্থিতিত স্বাভাৱিকতে জনসাধাৰণ ক্ষুন্ন হৈ পৰিছিল। এনে 






তৃতীয় অধ্যায়
বিশ্ব ৰাজনীতিত মার্কিন আধিপত্য 


(ক) অতি চমু প্রশ্নোত্তৰ/(প্রত্যেকটোত ১ নম্বৰকৈ) 

প্রশ্ন ১ঃ একমেৰুকৰণ বুলিলে কি বুজা?
উত্তৰ : যেতিয়া পৃথিৱীৰ প্রায়বােৰ ক্ষমতা আৰু প্রতিপত্তি এটা কেন্দ্র বা এখন। দেশত কেন্দ্রীভূত হৈ পৰে ইয়াকে একমেৰুকৰণ বােলা হয়।

প্রশ্ন ২ঃ আধিপত্য শব্দটোৰ লগত প্রাচীন ৰােমৰ সম্বন্ধ আছেনে? 
উত্তৰঃ আধিপত্য শব্দটোৰ উৎপত্তিস্থল হ’ল গ্রীক সাহিত্য। 

প্রশ্ন ৩ : এককেন্দ্রিক পদ্ধতি কি?
উত্তৰ : যত ক্ষমতাৰ কেন্দ্ৰ এজনৰ হাতত ন্যস্ত থাকে তাক এককেন্দ্রিক পদ্ধতি বােলে।

প্রশ্ন ৪ঃ অপাৰেশ্যন ডেজার্ট ঈর্মে কি বুজায় ?
উত্তৰ : প্ৰথমতে উপসাগৰীয় যুদ্ধক পাৰস্য উপসাগৰীয় যুদ্ধ বুলি জনা গৈছিল? এই যুদ্ধক ডেজার্ট ঊর্ম (Operation Desert Storra বুলিও জনা যায়।


প্রশ্ন ৫ : সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰসংগত ৯/১১ এ কি সূচায়।।
উত্তৰ : ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্র (World Trade Central)টো আক্রমণ কৰি যুক্তৰাষ্ট্ৰৰ বৃহৎ ক্ষতিসাধন কৰে। এই আক্রমণে বিশ্ব সন্ত্রাসবাদৰ ব্যপ্তিক সূচায়।

প্রশ্ন ৬ঃ কোন বছৰত ইাকে কুৱেইট আক্রমণ কৰিছিল?
উত্তৰ : ১৯৯০ চনৰ ২ আগষ্টত ইৰাকে কুৱেইট (Kuawit) তক্ৰমণ কৰে । 

প্রশ্ন ৭ : মার্কিন আধিপত্যৰ আৰম্ভণি হৈছিল কেতিয়া? 
উত্তৰ : ১৯৯১ চনৰ পিছৰ পৰা। 

প্রশ্ন ৮ঃ গােলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া। 
উত্তৰ : কম্পিউটাৰ! 

প্রশ্ন ৯ : প্রথম উপসাগৰীয় যুদ্ধৰ সময়ত মার্কিন রাষ্ট্রপতি কোন আছিল ? 
উত্তৰ : জর্জ ডব্লিউ বুচ (George H.W. Bush}।

প্রশ্ন ১০ঃ ৯/১১ৰ আক্ৰমণত কিমান লােক নিহত হৈছিল ? 
উত্তৰ : এই আক্রমণত প্রায় ৩০০০ৰাে অধিক ব্যক্তিৰ প্রাণ নাশ কৰে।

প্রশ্ন ১১: ৫ মার্কিন যুক্তৰাষ্ট্রৰ বাহিৰত প্রথম এম বি এ পাঠ্যক্রম কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ : ১৯৫০ চনত।

প্রশ্ন ১২ : ১৮৮৮ চনত মার্কিন যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম লিখা।
উত্তৰ : Wharton School. 

প্রশ্ন ১৩ : গােলকীয় গাও কি?
উত্তৰ : ৰাষ্ট্ৰসমূহৰ পাৰগৰিক নিৰ্ভৰশীলতাৰ ওপৰত গঢ়ি উঠা আৰু তেওঁলােকৰ মাজত সহজ যােগাযােগ ব্যৱস্থা থকা বিশ্বক গােলকীয় গাঁও বুলি জনা যায়।

প্রশ্ন ১৪ : গােলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া। 
উত্তৰঃ Internet, 

প্রশ্ন ১৫: গাঁথনিগত শক্তি হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া। 
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ববেংক। 

প্রশ্ন ১৬ : আমেৰিকাই কিয় ইৰাক আক্রমণ কৰিছিল?
উত্তৰঃ ১৯ মার্চ, ২০০৩ চনত আমেৰিকাই Operation Iraaui Freedom নাম লৈ ইৰাক আক্রমণ কৰে। এই আক্রমণৰ প্রধান উদ্দেশ্য আছিল ইৰাকক মাৰণাস্ত্র প্রস্তুত কৰাৰ পৰা বিৰত ৰখা।


প্রশ্ন ১৭ : আমেৰিকান শক্তিৰ এটা প্রতিবন্ধক লিখা। 
উত্তৰঃ বর্তমান কেইবাখনাে ৰাষ্ট্র সামৰিক আৰু অর্থনৈতিকভাৱে শক্তিশালী হৈ উঠিছে আৰু এইদৰে উঠি অহা শক্তিসমূহে বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্রাধান্যৰ প্রতি এক প্রত্যাহ্বান ৰূপে দেখা দিছে।

প্রশ্ন ১৮ঃ হয়’বা নহয়’লিখা।
পুৰণি গ্ৰীচৰ এথেঞ্চৰ প্রাধান্য অন্যবােৰ চহৰীয়া ৰাজ্যৰ লগত তুলনা কৰিবলৈ । আধিপত্য শব্দটি ব্যৱহাৰ কৰিছিল।
উত্তৰ : হয়। 

প্রশ্ন ১৯ঃশূন্যস্থান পূৰণ কৰা – 
(ক) ১৯৫০ চনত আৰম্ভ কৰা যুক্তৰাষ্ট্ৰৰ সামৰিক গৱেষণা সৃষ্টি।
উত্তৰঃ ইণ্টাৰনেট ১৯৫০ চনত আৰম্ভ কৰা যুক্তৰাষ্ট্ৰৰ সামৰিক গৱেষণা সৃষ্টি। 

প্রশ্ন ২০ : Soft Power বা কোমল শক্তি বুলিলে কি বুজা।
উত্তৰ : প্রতিপত্তিৰ সৈতে জড়িত তৃতীয় অর্থহৈছে ‘সন্মতি গঠন’কৰাৰ ক্ষমতা। ইয়াৰ অৰ্থ হৈছে বিশ্বত কোনাে এখন ৰাষ্ট্রৰ সামাজিক, ৰাজনৈতিক আৰু বিশেষকৈ বিচাৰধাৰা বা আদৰ্শৰ ক্ষেত্ৰত অন্যান্য ৰাষ্ট্রৰ ওপৰত নিজৰ প্ৰভাৱ খটোৱাৰ ক্ষমতা।

প্রশ্ন ২১ঃ কোন চনত প্রথম উপসাগৰীয় যুদ্ধ আৰম্ভ হয়? 
উত্তৰ : আগষ্ট, ১৯৯০ চনত প্রথম উপসাগৰীয় যুদ্ধ আৰম্ভ হয়। 

প্রশ্ন ২২ : কঠিন শক্তি কি?
উত্তৰ: আধিপত্যৰ প্ৰথম অর্থবা কঠিন শক্তি হ’ল সামৰিকসমর্থতা। আমেৰিকাৰ সামৰিক আধিপত্য নিৰংকুশ। কোনাে ৰাষ্ট্ৰবাৰাষ্ট্ৰসমূহৰ গােটে এই ক্ষেত্ৰত ভাৰসাম্যতা প্রদান কৰিব নােৱাৰে।

প্রশ্ন ২৩ঃ গঠনমূলক শক্তি হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া। 
উত্তৰ : (i) যােগাযােগৰ বাবে সাগৰীয় পথ।

প্রশ্ন ২৪ঃসমসাময়িক ৰাজনৈতিক পৰিস্থিতিত ৯/১১ৰ লগত কি ঘটনা জড়িত আছিল?
উত্তৰ : আমেৰিকাৰ World Trade Centreত সন্ত্রাসবাদীসকলৰ আক্রমণ। 

প্রশ্ন ২৫ : বিশ্ব অর্থনীতিত মার্কিন যুক্তৰাষ্ট্ৰৰ অংশ কিমান? 
উত্তৰ : ২৮%। 

প্রশ্ন ২৬ঃ কি প্রক্রিয়াৰে মার্কিন আধিপত্য প্রতিষ্ঠিত হৈছিল নির্ণয় কৰা।
উত্তৰ : আমেৰিকাৰ দৃঢ় নীতি আৰু নমনীয় নীতিৰ মিশ্ৰণত বিশ্বত আধিপত্য বিস্তাৰ কৰিছিল।

প্রশ্ন ২৭ঃ অলকায়দা কি? 
উত্তৰঃ অল-কায়দা এটি সন্ত্রাসবাদী সংগঠন।


(খ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ)। 

প্রশ্ন ১ঃ আধিপত্য বুলিলে কি বুজা?
উত্তৰ : এখন ক্ষমতাৰ কেন্দ্ৰৰ পৰা আন্তর্জাতিক ব্যৱস্থাক নিয়ন্ত্ৰণ প্ৰাশেপত্য বােলে।

প্রশ্ন ২ঃ জনজাগৰণৰ সামগ্রী দুটাৰ উদাহৰণ দিয়া।
উত্তৰ : বিশুদ্ধ বায়ু আৰু পথসমূহ (সাগৰীয় পথ)।

প্রশ্ন ৩ : কোনে কাৰ বিৰুদ্ধে “Operation Enduring Freedom” পৰিচালনাকৰিছিল? 
উত্তৰ : ই আছিল আতংকবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুদ্ধৰ আহ্বান। আমেৰিকাই ৯/১১ আক্ৰমণৰ প্ৰত্যাহ্বান হিচাপে এই সংগ্রাম আৰম্ভ কৰিছিল। ‘

প্রশ্ন ৪ কেতিয়াৰ পৰা আমেৰিকাৰ আধিপত্য আৰম্ভ হয়?
উত্তৰ : ছােভিয়েট ৰাষ্ট্ৰৰ পতনৰ (১৯৯১) পাছত বিশ্বত মাত্ৰ এটা শক্তি আছিল আৰু সেইটো হ’ল আমেৰিকা যুক্তৰাষ্ট্র। সেই সময়ৰ পৰায়ে আমেৰিকাৰ তাধিপত্য আৰম্ভ হয়।

প্রশ্ন ৫ঃকোনে আৰু কেতিয়া Bretton Woods System আৰম্ভ কৰে? 
উত্তৰ : দ্বিতীয় মহাযুদ্ধৰ পিছত আমেৰিকাই ব্রিটন উডচ পদ্ধতি স্থাপন কৰিছিল। 





চতুর্থ অধ্যায়
ক্ষমতাৰ বিকল্প কেন্দ্রসমূহ


(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ)

প্রশ্ন ১: মার্শাল পৰিকল্পনা কি?
উত্তৰ : মার্শাল পৰিকল্পনা অনুসৰি ১৯৪৮ চনত ইউৰােপীয় আর্থিক সহযােগ সংগঠন স্থাপন কৰা হয়। এই সংগঠনৰ সহায়ত পশ্চিম ইউৰােপৰ দেশসমূহক আর্থিক সহযােগিতা প্রদান কৰা হয়।

প্রশ্ন ২ঃইউৰােপীয় ইউনিয়নৰ মুদ্রা কি ? 
উত্তৰ : ইউৰাে।

প্রশ্ন ৩ : ASEAN ৰ সম্পূর্ণ নাম লিখ।
উত্তৰ : Association of South East Asian Nations. 


প্রশ্ন ৪ : বেংকক ঘােষণা পত্র কি?
উত্তৰঃ ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনচ, চিঙ্গাপুৰ আৰু থাইলেণ্ডে বেংকক ঘােষণা পত্ৰত স্বাক্ষৰ কৰি ১৯৬৭ চনত এচিয়ান প্রতিষ্ঠা কৰিছিল।

প্রশ্ন ৫ঃ কোন চনত ARF স্থাপন কৰা হৈছিল ? 
উত্তৰ : ১৯৯৪ চনত ASEAN Regional Forum স্থাপন কৰা হয় । 

প্রশ্ন ৬ : ‘হয়’ৰা নহয়’ লিখা— ভাৰত ASEAN ৰ সদস্য। 
উত্তৰ : নহয়। 

প্রশ্ন ৭ঃ চীনৰ সাম্যবাদী বিপ্লৱ কাৰ নেতৃত্বত হৈছিল। 
উত্তৰঃ মাও জে দং। 

প্রশ্ন ৮ঃ মুক্ত দ্বাৰ নীতি কি?
উত্তৰ : ১৯৭৮ চনত সেই সময়ৰ চীনৰ নেতা ডেং জিয়াঅ’ পিঙে চীনত মুক্ত দ্বাৰ’ নীতি ঘােষণা কৰিছিল। এই নীতি আছিল বিদেশৰ পৰা অনা মূলধন আৰু প্রযুক্তিবিদ্যা বিনিয়ােগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টিকৰা।

প্রশ্ন ৯ : কোন বছৰত প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে চীন ভ্রমণ কৰিছিল ? 
উত্তৰ : ১৯৮৮ চনত। 

প্রশ্ন ১০ : কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল ? 
উত্তৰ : ২০০৯ চনত ।

প্রশ্ন ১১ : কোন বছৰত ইউৰােপীয় পৰিষদ প্রতিষ্ঠা কৰ হৈছিল ? 
উত্তৰ : ১৯৯২ চনত । 

প্রশ্ন ১২ : কোন বছৰত ASEAN আলিক মঞ্চ স্থাপন কৰা হৈছিল ? 
উত্তৰ : 1967 চনত ।

প্রশ্ন ১৩ : চীৰ নিবনুৱা ?
উত্তৰ : চীন দেশত নিবনুৱা সাস্যাই যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এতিয়াও চীনৰ কৰ্ম প্ৰাৰ্থৰ সংখ্যা প্রায় ১ কোটি ।

প্রশ্ন ১৪ : ১৯৫০ চনত তিব্বতৰ ৰাজনৈতিক আৰু পৰ্মীস নেতা কোন আছিল?
উত্তৰ : দলাই লামা ।

প্রশ্ন ১৫ : ১৯৭১ চনত চীনে কোন প্রধান ৰাষ্ট্ৰৰ সৈতে দ্বিধানিক সম্পৰ্ক স্থাপন কৰিছিল ?
উত্তৰ : আমেৰিকা। 


প্রশ্ন ১৬ : ‘চাৰি আধুনিকীকৰণ বুলিলে কি বুজা?
উত্তৰ : ১৯৭২ প্রধানমন্ত্রী Zhou Enlai চাৰি আধুনিকীণৰ প্ৰস্তাৱ আগবঢ়াইছিল। চাৰ্বি আধুনিকীকৰণ’ হ’ল কৃষি, শিল্প, বিজ্ঞান, প্রযুক্তি আৰু সামৰিক।







পঞ্চম অধ্যায় 
সমসাময়িক দক্ষিণ এছিয়া



(গ) দীঘল প্রশ্নোত্তৰ ঃ/(প্রত্যেকটোত ৪ নম্বৰকৈ) 

প্রশ্ন ১ঃ দক্ষিণ এছিয়াৰ সকলােবোেৰ ৰাষ্ট্ৰই একে ধৰণৰ ৰাজনৈতিক ব্যবস্থা অনুসৰণ কৰেনে? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা। 

উত্তৰঃ দক্ষিণ এছিয়াৰ সকলােবােৰ ৰাষ্ট্ৰত একেই ধৰণৰ ৰাজনৈতিক ব্যৱস্থা নাই। ভাৰতবর্ষ আৰু শ্ৰীলংকাই স্বাধীনতাৰ চিৰ পৰাই গণতান্ত্রিক পৰম্পৰাক মানি চলি: আছে।পাকিস্তান আৰু বাংলাদেশে সামৰিক আৰু অসামৰিক দুয়ােধৰণৰ শাসনৰ তলত আছিল।বর্তমানে বাংলাদেশ গণতান্ত্রিক ব্যৱস্থা আছে। 

২০০৬ লৈক গােলত ৰাজতন্ত্র আছিল। ২০০৬ চনত এক গণ উত্থানে নেপালত দলীয় গণতন্ত্রণ প্রতিষ্ঠা কৰে তাৰ ৰজা নামমাত্র শাসকত পৰিণত হয়। ভূটানত এতিয়াও, ৰাজতন্ত্র ব্যৱস্থা চলি পহে। অৱশ্যেৰজাই পর্যায়ক্রমে চৰকাৰকবহুদলীয় গণতন্ত্ৰলৈ ৰূপান্তৰ কৰাৰ প্রচেষ্টা নাই। মালদ্বীপ ১৯৬৮ চনলৈকে চুলতানৰ শাসনৰ তলতীয়া আছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মালদ্বীপ গণৰাজ্য আৰু ৰাষ্ট্রপতি শাসিত চৰকাৰলৈ পৰিৱর্তিত হয়। 

প্রশ্ন ২ঃ কি কি কাৰণত পাকিস্তানত স্থায়ী গণতন্ত্র প্রতিষ্ঠা হ’ব নােৱাৰিলে ?

উত্তৰঃ পাকিস্তানত এক স্থায়ী গণতন্ত্র প্রতিষ্ঠাৰ ব্যর্থতাৰ কেইবাটাও কাৰণ আছে। সেনাৰ সামাজিক দমন ধর্মীয় যাজক আৰু দুর্বল অভিজাত তই নির্বটত চৰকাৰ দলিয়াই পেলােৱা আৰু সেনাৰ শাসন প্রতিষ্ঠা কৰাত অৰিহণা যােগাইছি।

পাকিস্তান-ভাৰ সংঘাতেও সেনা শাসৰ পক্ষে থকা সকলক অধিক শক্তিশাল কৰি তুলিছে। এওঁলােকৰ মতে পাকিস্তানত ৰাজনৈতিক দৃ আৰু গত সােৱাহ, সেয়েহে ৰাষ্ট্ৰৰ কল্যাণৰ বাবে ইয়াত সেনাৰ শাসনে উপযুক্ত।

যদিও পাকিস্তানত গণতন্ত্র সফল হ’ব পূৰ! তাই, শত গণতন্ত্র এক শিন মত আছে। এক নিভাক অতি ভারত “সংবা মাধ্যম হয়ে আন্দোলনকাৰীসকলও আছে। 

প্রশ্ন ৩ : পূর্ব পাকিস্তানৰ মানুহে কি কি কাৰণত স্বাধীনতা আন্দোলন arambho কৰিছিল?

উত্তৰ : ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ বাংলাদেশ পাকিস্তানৰ অংশ আছিল। ব্রিটিছ ভাৰতৰ পৰা অসম আৰু বংগক পৃথক কৰা ভূখণ্ডক লৈ ই গঠিত। এই অঞ্চলৰ জনসাধাৰণৰ ভাষা বাংলা আৰু ইয়াৰ সংস্কৃতিৰ লগত পশ্চিম পাকিস্তান সংস্কৃতিৰ সাদৃশ্য নাছিল। 

বাংলা ভাষা আৰু সংস্কৃতিৰ প্রতি পশ্চিম পাকিস্তানৰ বেয়া ব্যৱহাৰে তেওঁলােকৰ মনত অসন্তোষৰ সৃষ্টি কৰিছিল। তেওঁলােকে শাসন উচিত প্রতিনিধিত্বৰৰ দাবী কৰিছিল। পূর্ব পাকিস্তানত ১৯৭০ চনৰ নিৰ্বাচনত শেখ মুজিবুৰৰ নেতৃত্বত আৱামী লীগে সকলাে আসন দখল কৰে আৰু প্ৰস্তাৱিত পাকিস্তানৰ সংবিধান সূভাত সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰে। কিন্তু পশ্চিম পাকিস্তানৰ নেতৃবৃন্দই সভাখন পতাৰ অনুমতি দিয়া নাছিল। 

শেখ মুজিবুৰক গ্রেপ্তাৰ কৰা হয়। এনে পৰিস্থিতিত পূর্ব পাকিস্তানে পশ্চিম পাকিস্তানৰ বিৰুদ্ধে স্বাধীনতা আৰম্ভ কৰিছিল।

প্রশ্ন ৪ঃ বাংলাদেশৰ লগত ভাৰতৰ সুসম্পর্ক আৰু বেয়া সম্পৰ্কৰ দুটা দিশ আঙুলিয়াই দিয়া।

উত্তৰঃ সুসম্পর্ক- (ক) দুয়ােখন ৰাষ্ট্ৰই দৃঢ়তাৰ সৈতে নিজৰ দেশৰ মাটি সন্ত্রাসবাদীক ব্যৱহাৰ কৰিব নিদিব বুলি মত প্রকাশ কৰিছে।

(খ) দুয়ােখন দেশে অর্থনীতি, বিত্ত, ব্যৱসায়-বাণিজ্য, যাতায়াত যােগাযােগৰ উন্নতিৰ ক্ষেত্ৰত সম্মিলিত প্রচেষ্টা চলাৰ বুলি আশা ব্যক্ত কৰিছে।

অসন্তোষৰ সম্পর্ক –

(ক) গংগাৰ পানীৰ ভাগ-বাটোৱাৰাক লৈ উভয় দেশৰ মাজত অসন্তোষৰ সৃষ্টি হয়। বিশেষকৈ ফাৰাক্কা বান্ধ ভাৰতৰ দ্বাৰা নিৰ্মাণ কৰাৰ পিছত এই দুই দেশৰ মাজত বিভিন্ন চুক্তি সম্পাদিত হলেও বিৰােধ বর্তমান আছে। 

(খ) অনুপ্ৰৱেশকাৰীক ৰােধ কৰাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তzৰ বেৰ দিয়াক লৈও উভয় দেশৰ মাজত মতবিৰােধ হােৱা দেখা যায়।







ষষ্ঠ অধ্যায়/আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ 



(ক) অতি চমু প্রশ্নোত্তৰ (প্রত্যেকটোত ১ নম্বৰকৈ)

প্রশ্নঃ১ : “যুদ্ধতকৈ বকবকনি বেছি ভাল”, কোনে কৈছিল ? 
উত্তৰ : চার্চিল।

প্রশ্ন ২ঃ যেতিয়া ৰাষ্ট্ৰসংঘ চনদখন স্বাক্ষৰ কৰা হৈছিল, তেতিয়া কেইখন ৰাই । ইয়াত স্বাক্ষৰ দান কৰিছিল?
উত্তৰ : ৫১ খন ৰাষ্ট্রই। 

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ প্রধান উদ্দেশ্য কি? 
উত্তৰ : বিশ্ব শান্তি ৰক্ষা কৰা। 

প্রশ্নঃ ৪ : বর্তমানে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমান? 
উত্তৰঃ ১৯২ খন। 

প্রশ্ন ৫ : শূন্য স্থান পূৰণ কৰা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা
উত্তৰ : ৫ খন। 

প্রশ্ন ৬ঃ বর্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান কোন? 
উত্তৰ : বান-কি-মুন! 

প্রশ্নঃ IAEAৰ সম্পূর্ণ নাম কি ? 
উত্তৰ : International Atomic Energy Agency. 

প্রশ্ন ৮ ভেটো প্রয়ােগ বুলিলে কি বুজা?
উত্তৰঃ কোনাে এটা সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত বাধা দান কৰা প্রক্রিয়াক ‘ভেটো প্রয়ােগ বােলে।

প্রশ্ন ৯ : ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধান কোন আছিল?
উত্তৰঃ Trygve Lie of Norway 

প্রশ্ন-১০: কোনখন দেশে ৰাষ্ট্ৰসংঘ আটাইতকৈ বেছি বদান আগবঢ়োৱায় ? 
উত্তৰ : আমেৰিকা ।






সপ্তম অধ্যায়

সমসাময়িক বিশ্বত নিৰাপত্তা




(ক) অতি চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ১ নম্বৰকৈ)। 

প্রশ্ন ১ঃ নিৰাপত্তা কি?
উত্তৰঃ যিকোনাে ধৰণৰ ভাবুকিৰ পৰা মুক্তি পােৱাকে নিৰাপত্তা বােলা হয়। ভাবুকি সামৰিক বা অসামৰিক হ’ব পাৰে।

প্রশ্ন ২ঃ আভ্যন্তৰীণভাৱে স্থানচ্যুত মানুহ বুলিলে কি বুজা?
উত্তৰঃ যিবােৰ মানুহে নিৰাপত্তাহীনতাৰ বাবে নিজৰ ঘৰ এৰি যায় কিন্তু নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰতে থাকে তেওঁলােকক আভ্যন্তৰীণভাৱে স্থানচ্যুত মানুহ বুলি কোৱা হয়।

প্রশ্ন ৩ঃ ভাৰতে কি কাৰণে পাৰমাণৱিক পৰীক্ষণ কার্য সম্পাদন কৰিছিল ? 
উত্তৰ ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ স্বাৰ্থত পাৰমাণৱিক পৰীক্ষণ কার্য সম্পাদন কৰিছিল।

প্রশ্ন ৪ : মানৱ নিৰাপত্তা বুলিলে কি বুজা?
উত্তৰঃমানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা। ইয়াৰ প্রাথমিক লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্ৰদান কৰা।

প্রশ্ন ৫ঃ গােলকীয় নিৰাপত্তাৰ এটি উদাহৰণ দিয়া। 
উত্তৰঃ গােলকীয় উষ্ণতা। 

প্রশ্ন ৬ : আন্তর্জাতিক সন্ত্রাসবাদ কি?
উত্তৰঃ সন্ত্রাসবাদবুলিলে জনৈতিক হিংসাকবুজায় যি হিংসাই জনগণৰ নিৰাপত্তাৰ ক্ষেত্ৰত ইচ্ছাকৃতভাৱে ভাবুৰি সৃষ্টি কৰে। 

আন্তর্জাতিক সন্ত্রাসবাদ বুলিলে এখনতকৈ অধিক দেশৰ জনগণ বা ভৌগােলিক অঞ্চল জড়িত থকা বুজায়।

প্রশ্ন ৭ঃ কিহে ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কৰে? 
উত্তৰঃ জনসংখ্যা হ্রাস আৰু লগতে আয় বৃদ্ধিয়ে। 

প্রশ্ন ৮ঃসমন্বিত নিৰাপত্তা বুলিলে কি বুজা?
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় সহযােগিতা এক অতি উল্লেখযােগ্য মাধ্যম যাৰ সহায়ত অপাৰস্পৰিক বহু ধৰণৰ ভাবুকি মােকাবিলা কৰা যায়। 

ইয়াক সমন্বিত নিৰাপত্তা বােলে। এই সহযােগিতা দ্বিপাক্ষিক, আঞ্চলিক, মহাদেশীয় নাইবা গােলকীয় পর্যায়ত হ’ব পাৰে।

প্রশ্ন ৯ : মানুহে কিয় স্থানান্তৰ কৰে? 
উত্তৰঃ মানুহে পাৰস্পৰিক আৰু অপৰিস্পৰিক নিৰাপত্তাৰ বাবে এক স্থান এৰি আন স্থানলৈ যায়। 

প্রশ্ন ১০ঃ গােলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া। 
উত্তৰ : বিভিন্ন ধৰণৰ প্রাণঘাতী ৰােগৰ বিস্তাৰ। 

প্রশ্ন ১১ : সহযােগী নিৰাপত্তা কি?
উত্তৰ : aparompik সুৰক্ষা ভাবুকি ক্ষেত্ৰত সামষিক বিৰােধিতাৰ পৰিৱর্তে সহযােগিতাৰ প্রয়ােজন।

প্রশ্ন ১২ : মানুহে প্ৰবজন কিয় কৰে।
উত্তৰ : বিভিন্ন কাৰণবশতঃ মানুহে এখন ঠাই অথবা ৰাষ্ট্ৰৰ পৰা অন্য এখন ঠাইলৈ বা ৰাষ্ট্ৰলৈ গতি কৰি নিজৰ বাসস্থান পৰিৱৰ্তন কৰে।





অষ্টম অধ্যায় 
পৰিৱেশ আৰু প্রাকৃতিক সম্পদ


(ক) অতি চমু প্রশ্নোত্তৰ : প্রত্যেকটোত ১ নম্বৰকৈ

প্রশ্ন ১: UNEP ৰ সম্পূর্ণ নাম কি? 
উত্তৰ : United Nations Environinent Programme. 

প্রশ্ন ২ : ভূশীর্ষ সন্মিলন’ কি? 
উত্তৰঃ ১৯৯২ চনৰ জুন মাহত ব্রাজিলৰ ৰাজধানী চহৰ ৰিঅ’দা জেনেৰিঅ’ত অনুষ্ঠিত হােৱা ৰাষ্ট্ৰ সংঘৰ পৰিবেশ আৰু উন্নয়ন বিষয়ক সভাখনক ‘ভুশীর্ষ সন্মিলন’ বুলি জনা যায়।

প্রশ্ন ৩ঃ ভাৰতবৰ্ষই কেতিয়া কী য়টো আচৰণ বিধিখন চহী কৰে? 
উত্তৰ : ভাৰতে ২০০২ চনৰ আগষ্ট মাহত চহী কৰে। 

হয় নে নহয়’ লিখা

প্রশ্ন ৪ঃ ‘ৰিঅ’ সম্মিলনে ২১ দফীয়া কাৰ্যসূচী গ্রহণ কৰিছিল। 
উত্তৰ : হয়।

প্রশ্ন ৫ঃ ৰিঅ’ সন্মিলনে এজেণ্ডা – ২১ নামৰ উন্নয়নমূলক প্রকৰণৰ এক তালিকাত অনুমােদন জনাইছিল ?
উত্তৰ : হয়। 

প্রশ্ন ৬ : UNFCCCৰ সম্পূর্ণ নাম কি ? 
উত্তৰঃ United Nations Framework Conventions on Climate Change.

প্রশ্ন ৭ঃ প্রথম বিশ্বক সাধাৰণতে কি বুলি জনা যায়। 
উত্তৰঃ Global North. 

প্রশ্ন ৮ : খিলঞ্জীয়া লােকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল? 
উত্তৰ : ২০০৭ চনৰ ১৩ ছেপ্টেম্বৰ। 

প্রশ্ন ৯ : পৰিৱেশ সচেতনতা দিৱস কোন দিন উদযাপন কৰা হয়? 
উত্তৰ : ৫ জনু।





নৱম অধ্যায়
গােলকীকৰণ



(ক) অতি চমু প্রশ্নোত্তৰ ? (প্রত্যেকটোত ১ নম্বৰকৈ)।

প্রশ্ন ১: বিশ্বায়ন মানে কি?
উত্তৰ : বিশ্বায়ন বুলিলে বিভিন্ন অঞ্চলৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰসমূহৰ মাজত বিশেষকৈ সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰত পৰস্পৰ নিৰ্ভৰশীলতাক বলে বিশ্বায়ন অর্থাৎ প্রবাহ, এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ পুঁজি, আদর্শ, বস্তু আমি, প্রবাহক সূচায়।

প্রশ্ন ২ঃ বিশ্বায়নৰ এটা সাকাৰাত্মক ফল উল্লেখ কৰা ।
উত্তৰঃ বিশ্বায়নে ৰপ্তানি বাণিজ্যৰ পৰিসৰ বৃদ্ধি আৰু বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত ভাৰসাম্যতা স্থাপন কৰে।

প্রশ্ন ৩ঃ হয়নে নহয় লিখা। গােলকীকৰণৰ ক্ষেত্ৰত প্রযুক্তি হল গুৰুত্বপূর্ণ কাৰকসমূহৰ ভিতৰত এটা। 
উত্তৰ : হয়। 

প্রশ্ন ৪ঃ অর্থনৈতিক বিশ্বায়ন বুলিলে কি বুজা?
উত্তৰঃ অর্থনৈতিক বিশ্বায়ন বুলিলে অধিক পৰিমাণে অর্থনৈতিক বস্তুৰ প্ৰবাহক বুজায়। 

এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ মূলধন, বস্তু, কাৰিকৰী কৌশল আদিৰ আদান-প্রদানক সূচায়।

প্রশ্ন ৫ঃসাংস্কৃতিক সমৰূপতা কি?
সাংস্কৃতিক ক্ষেত্ৰত বিশ্বায়নৰ সর্বগ্রাসী প্ৰভাৱ চকুত পৰে বিশ্বায়নে সাংস্কৃতিক বিবিধতাৰ পৰিৱর্তে সাংস্কৃতিক সমৰূপতাৰ সৃষ্টি কৰে। 

ইয়াত বিশ্ব সংস্কৃতিৰ নামত অনুন্নত দেশসমূহৰ ওপৰত পাশ্চাত্য সংস্কৃতিৰ প্রভাব বৃদ্ধি পােৱা পৰিলক্ষিত হয়।

প্রশ্ন ৬ঃ শূন্যস্থান পূৰণ কৰা ? সাংস্কৃতিক সমৰূপতা -এটা দিশ। 
উত্তৰঃ বিশ্বায়নৰ।

প্রশ্ন ৭ঃ ভাৰতে কেতিয়াৰ পৰা অর্থনৈতিক সংস্কাৰ আৰম্ভকৰিছিল ? 
উত্তৰঃ ১৯৯১




Leave a Comment

সমাজ সংগঠনত ছাত্ৰৰ ভূমিকা ৰচনা – 2023 শফালী বাৰ্মা জীৱনী | Shafali Verma Indian Women Cricketer মিতালী ৰাজ জীৱনী | Mithali Raj Biography Women Cricketer ভাৰতীয় ডাকঘৰ নিয়োগ 2023 | 40889 খালী পদৰ বাবে আবেদন কৰক বাল্য বিবাহঃ অসমত গণ গ্ৰেপ্তাৰ, ১৮০০ ৰো অধিক গ্ৰেপ্তাৰ প্ৰবীণ গায়িকা বাণী জয়ৰামৰ মৃত্যু হয়, পদ্মভূষণ বঁটা পোৱাৰ কেইদিনমান পিছত साउथ के सुपरस्टार Thalapathy 67 का बताया Tittle फ्लिम का Vadh | नए फ्लिम “वध” कब Release हो रहा हे UPSC 2023 Notification | ইউপিএছচি অসামৰিক সেৱা পৰীক্ষা 2023 Thunivu OTT release date ভাৰিচু আৰু থুনিভু অ’টিটি ত মুক্তি Padma Awards 2023 পদ্ম বঁটা বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা (GK) Indian Railways १७८५ वैकेंसी का इंतजार कर रहे युवाओं के लिए बड़ा मौका है। himanta biswa sarma marriage | Assam Chief Minister Essay on Discipline | Story dharitri assam land records online ভূমিৰেকৰ্ড কেনেদৰে পৰীক্ষা কৰিব? CA Foundation result | চিএ ফাউণ্ডেচন ফলাফল মুকলি কৰা হৈছে Bihu Essay in Assamese [বিহু ৰচনা]